আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিৰক্ষা বিভাগে পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। ৰাছিয়াৰ সৈতে চলি থকা বিবাদৰ মাজতে ট্ৰাম্পৰ মন্ত্ৰালয়ে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পৰীক্ষণ ৰাছিয়া আৰু চীনৰ পাৰমাণৱিক অস্ত্ৰৰ সমতুল্য হ’ব। এই বিষয়টো সন্দৰ্ভত সামাজিক মাধ্যমতো এটা পোষ্ট শ্বেয়াৰ কৰিছিল ট্ৰাম্পে।
তেওঁ উল্লেখ কৰে যে, আমেৰিকাৰ হাতত সৰ্বাধিক সংখ্যক পাৰমাণৱিক অস্ত্ৰ আছে। লগতে কয় যে, আমেৰিকাৰ হাতত বিশ্বৰ আন যিকোনো দেশতকৈ অধিক পাৰমাণৱিক অস্ত্ৰ আছে। এই কৃতিত্ব ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত লাভ কৰা হৈছিল, য’ত বৰ্তমানৰ অস্ত্ৰ-শস্ত্ৰৰ সম্পূৰ্ণ আপডেট অন্তৰ্ভুক্ত কৰা হৈছিল।
তেওঁ ৰাছিয়াৰ কথাও উল্লেখ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাছিয়া দ্বিতীয় স্থানত আছে, আৰু চীন তৃতীয় স্থানত বহু পিছ পৰি আছে। অৱশ্যে অহা ৫ বছৰৰ ভিতৰত চীনৰ স্থান উন্নত হ’ব।
এইটোও মন কৰিবলগীয়া যে, আমেৰিকাই নিজেই ১৯৯২ চনৰ পৰাই পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা বন্ধ কৰি দিছিল যদিও এতিয়া প্ৰায় ৩৩ বছৰৰ পাছত পুনৰ পৰীক্ষা আৰম্ভ কৰিব।
২১ অক্টোবৰত ৰাছিয়াই পাৰমাণৱিক চালিত ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছিল। ট্ৰাম্পে এই কথা গৰিহণা দিয়ে। তেওঁ ভ্লাদিমিৰ পুটিনক মিছাইল পৰীক্ষণৰ পৰিৱৰ্তে যুদ্ধ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ চলি থকা সংঘাতৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, ইয়াৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন।











