মুম্বাইৰ পোৱাইৰ পৰা উত্থাপিত হৈছে এক গোচৰ। যিয়ে সমগ্ৰ এলেকাটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন ব্যক্তিয়ে চিত্ৰগ্ৰহণৰ প্ৰজেক্টৰ অজুহাতত শিশুক ষ্টুডিঅ’লৈ প্ৰলোভিত কৰি পণবন্দী কৰি ৰাখিছিল।
মুম্বাইত দিন দুপৰতে এটা অট্টালিকাত একেলগে ২০টি শিশুক পণবন্দী কৰি ৰখা হৈছিল। এটা ষ্টুডিঅ’ৰ ভিতৰত ৰোহিত আৰ্যাই বন্দী কৰি ৰাখিছিল এইশিশুকেইটিক।
ৰোহিত আৰ্য নামৰ অভিযুক্তই শিশুকেইটাক প্ৰলোভিত কৰি আৰ এ ষ্টুডিঅ’লৈ পণবন্দী কৰি ৰাখিছিল। ঘটনাৰ উমান পাই সমগ্ৰ অট্টালিকাটো ঘেৰি ধৰে আৰক্ষীৰ বৃহৎ দলে। অডিশ্যন দিবলৈ অহা শিশুক পণবন্দী কৰি ৰাখে ৰোহিত নামৰ ইউটিউবাৰ এজনে। ৮০টি শিশুক ঘৰলৈ যাবলৈ দি ২০টি শিশুক বন্দী কৰি ৰাখে ৰোহিতে।
অৱশ্যে কি কাৰণত শিশুসকলক বন্দী কৰি ৰাখিছিল এতিয়াও অজ্ঞাত হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰে এই শিশুকেইটাক। যুটীয়া আয়ুক্ত সত্যনাৰায়ণ চৌধুৰীয়ে জনোৱা মতে, অভিযুক্তক জিম্মাত লোৱা হৈছে।











