অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলামৰ কাছিবুগ্গা মন্দিৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। মন্দিৰৰ ভিতৰত পদপিষ্ট হৈ ৯ জন লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে একাদশীত কাশীবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত ভক্তৰ যথেষ্ট ভিৰ সমবেত হৈছিল। এই সময়তে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ভক্তসকলৰ মৃত্যুক হৃদয় বিদাৰক বুলি অভিহিত কৰে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নাইডুৱে সামাজিক মাধ্যমত পোষ্ট যোগে কয় যে, শ্ৰীকাকুলাম জিলাৰ কাশীবুগ্গা ভেংকটেশ্বৰ মন্দিৰত হোৱা এই দুৰ্ঘটনাক লৈ গভীৰভাৱে শোক প্ৰকাশ কৰিছ। এই দুৰ্ভাগ্যজনক ঘটনাত ভক্তসকলে প্ৰাণ হেৰুৱাই পেলোৱাটো অতি দুখজনক।
আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে ষ্টেম্পেড স্থানত সাহায্যৰ কাম নিৰীক্ষণ কৰিবলৈ বিষয়া আৰু স্থানীয় নেতাসকলক নিৰ্দেশ দিয়া বুলিও তেওঁ কয়।
কাছিবুগা মহকুমাৰ ভাৰপ্ৰাপ্ত ডি এছ পি লক্ষ্মণ ৰাৱে জনোৱা মতে, পুৱা প্ৰায় ১১:৩০ বজাত ভেংকটেশ্বৰ মন্দিৰত সংঘটিত হয় এই হুলস্থুল। এই হুলস্থুলত পদপিষ্ট হৈ ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।













