পশ্চিম আফ্ৰিকাৰ দেশ মালীৰ পৰা আহিছে এক উদ্বেগজনক খবৰ। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি, আল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদীয়ে পশ্চিম মালীৰ কৌবিৰ সমীপত ৫জন ভাৰতীয় নাগৰিকক অপহৰণ কৰিছে। ভাৰতীয়সকল আছিল বিদ্যুৎ প্ৰজেক্টত কাম কৰি থকা ব্যক্তিগত কোম্পানী এটাৰ কৰ্মচাৰী।
বৃহস্পতিবাৰে অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে তেওঁলোকৰ বাহন ঘেৰাও কৰি সকলোকে অপহৰণ কৰে। কোম্পানীটোৰ এজন প্ৰতিনিধিয়ে ফ্ৰান্সৰ সংবাদ সংস্থাক জনোৱা মতে, বাকী থকা ভাৰতীয় কৰ্মচাৰীসকলক নিৰাপত্তাজনিত কাৰণত ততাতৈয়াকৈ ৰাজধানী বামাকোলৈ স্থানান্তৰ কৰা হৈছে।
এতিয়াও কোনো সন্ত্ৰাসবাদী সংগঠনে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আল কায়দা আৰু আইছিছৰ সৈতে জড়িত নেটৱৰ্কত সন্দেহৰ সৃষ্টি হৈছে।
২০২৫ চনৰ জুলাই মাহত ৰাজস্থান, ওড়িশা, তেলেংগানাৰ নাগৰিককে ধৰি তিনিজন ভাৰতীয়ক অপহৰণ কৰা হৈছিল। সেই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল আল কায়দাৰ সৈতে জড়িত জামাত নুছৰত আল ইছলাম ৱাল মুছলিমীয়ে। বিগত কেইবছৰমানৰ পৰা মালীত সংঘটিত হোৱা কেইবাটাও হিংসাত্মক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জেএনআইএমৰ।
চৰকাৰী পৰিসংখ্যা অনুসৰি, বৰ্তমান প্ৰায় ৪০০ ভাৰতীয় নাগৰিকে মালীত বাস কৰে আৰু কাম কৰে। ইয়াৰে অধিকাংশই নিৰ্মাণ, খনি, আৰু আন্তঃগাঁথনি খণ্ডৰ সৈতে জড়িত। সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপহৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এতিয়া তেওঁলোকৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে এই ঘটনা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে। অপহৃত ভাৰতীয়ক নিৰাপদে মুকলি কৰি দিয়াৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে।











