বহু জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ঘোষণা হ’ব বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। বিহাৰৰ ৩৮ খন জিলাৰ ৪৬টা ভোটগণনা কেন্দ্ৰত হ’ব এই গণনা। আজি ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰ বিধানসভাৰ মুঠ ২৪৩ খন আসনৰ বিপৰীতে প্ৰায় ৫ কোটি জনতাই ভোটদান কৰিছিল।
দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় ৬৭.১৩ শতাংশ লোকে ভোটদান কৰিছে।
আজি ৰাতিপুৱা ৮.০০ মিনিটৰ পৰাই আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া। প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনা আৰম্ভ। তাৰ পিছত ইভিএমৰ ভোটগণনা আৰম্ভ হ’ব।
ভোটগণনা প্ৰক্ৰিয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ভোটগণনা কেন্দ্ৰত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে।










