প্ৰিয় বকুলজোপাৰ তলত হিয়াৰ আমঠুয়ে ল’লে বিশ্ৰাম। নিজে ৰোৱা বুকুলৰ তলত উন্মোচন কৰা হ’ল জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি।
কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উদযাপন। জুবিন দা বিহীন জন্মদিন কোনেও বিচৰা নাছিল। তথাপি বেদনাসিক্ত নয়নেৰে জুবিন গাৰ্গ অবিহনে সকলোৱে পালন কৰিছে তেওঁৰ জন্মদিন। কাহিলীপাৰাত জুবিন গাৰ্গৰ বাসগৃহত আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম।
জোনালীৰ ষ্টুডিঅ’ত আজি সীমাহীন শূন্যতাই বিৰাজ কৰিছে। জুবিন গাৰ্গৰ মৰমৰ কুকুৰকেইটাৰ দুচকুত এক অবুজ বেদনা।











