শিলচৰৰ মালুগ্ৰামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সুদখোৰক। ধৃত সুদখোৰৰ নাম সুমন নাথ। এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত মালুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই সুদখোৰজনক।
ভুক্তভোগীৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি সুদত পইচা দি এক প্ৰকাৰ তাণ্ডৱ চলাই আহিছিল এই সুদখোৰ সুমন নাথে৷ অভিযোগকাৰী মহিলাগৰাকীক ১লাখ টকা সুদত দি ৫ লাখ টকা লৈছে সুদখোৰজনে। ইয়াৰ পাছতো মহিলা গৰাকীৰ পৰিয়ালক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছিল সুদখোৰজনে।
অৱশেষত সুদখোৰ সুমন নাথৰ হাৰাশাস্তিত অতিষ্ঠ হৈ আৰক্ষীৰ কাষত চাপে পৰিয়ালটো। ধৃত সুমন নাথৰ বিৰুদ্ধে শিলচৰ মালুগ্ৰাম আৰক্ষী চকীত ৰুজু হয় এক গোচৰ। এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই সুদখোৰ সুমন নাথক গ্ৰেপ্তাৰ কৰে।











