দিল্লী ক্ৰাইম ব্ৰাঞ্চে আটক কৰে আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহৰ এক চক্ৰক। পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ লগতে ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে বিস্ফোৰক, বন্দুক, আৰু সজীৱ কাৰ্টিজ।
খবৰ পোৱা গৈছে যে এই সামগ্ৰীসমূহ ড্ৰোন যোগে পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছিল আৰু পিছত দিল্লী-এনচিআৰত যোগানৰ বাবে প্ৰেৰণ কৰা হৈছিল। এই অস্ত্ৰসমূহ গেংষ্টাৰ গেং লৰেন্স বিষ্ণোই, বাম্বিহা, হিমাংশু গেংক যোগান ধৰিবলৈকে লৈ অনা বুলিও খবৰ পোৱা গৈছে।
ক্ৰাইম ব্ৰাঞ্চে অভিযুক্তক জেৰা কৰি কুখ্যাত গেংষ্টাৰ কেইটাৰ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কোনো সম্পৰ্ক আছে নে নাই সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।











