ধৰ্মৰ উৰ্দ্ধত মানৱতাৰ জয়। ইমামৰ নেতৃত্বত সম্পন্ন হ’ল এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া। বিমলক বিদায় দিবলৈ শেষ মুহূৰ্তত একত্ৰিত হ’ল মুছলমান সমাজ
৮ ঘন্টা ধৰি আই চি ইউত পৰি থকা দুৰ্ভগীয়া বিমল মেছৰ পৰিয়ালৰ কাষত ঠিয় দিলে মুছলমান সমাজ।শিৱসাগৰৰ ন-আলি মছজিদত ইমামকে ধৰি ওলাই আহিল এজাক মানৱ দৰদী ইছলাম ধৰ্মীৰ লোক। এম্বুলেন্সৰ ভাড়াকে ধৰি যাৱতীয় সামগ্ৰীও যোগান ধৰা হয়।
খবৰ অনুসৰি, নাজিৰাৰ বাবুজী পথৰ নিবাসী পেছাত ৰান্ধনী বিমল মেছ দীৰ্ঘদিন ধৰি অসুস্থ হৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছিল। অৱশেষত চিকিৎসালয়ৰ আই চি ইউতে শেষ নিশ্বাস ত্যাগ কৰে বিমলে।
ইউালে বিমল মেছৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে একত্ৰিত হয় গাওঁখনৰে ইছলাম ধৰ্মীৰ ৰাইজ।বিমল মেছৰ শেষকৃত্যত সকলো দায়িত্ব লয় এজন ইমামে। ইমামগৰাকীৰ আহ্বানত মিনহাজুল,নবীউৰ,অজয়,পংকজ সকলো ওলাই আহিল বিমলৰ সহায়ৰ বাবে। মাজনিশা বিমলৰ শেষকৃত্যত চিতাত খৰি তুলি দিলে ইমামগৰাকীয়ে। এনেকৈয়ে শিৱসাগৰত যেন সঁচা অৰ্থত মানৱতাৰ জয়গান প্ৰতিফলিত হয়৷











