উত্তৰ প্ৰদেশত SIR প্ৰক্ৰিয়াক লৈ তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী দলসমূহে অসংখ্য ঘটনাৰ প্ৰতি সঁহাৰি জনাই BLO সমূহক SIR সম্পূৰ্ণ কৰিবলৈ চৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে। সেই সময়তে বাৰাণসীৰ ছয়জনকৈ BLO ই জিলা প্ৰশাসনৰ পৰা প্ৰশংসাৰ প্ৰমাণ পত্ৰ লাভ কৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই SIR প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।
বাৰাণসীত এই ছয়জন BLO ক সময়মতে SIR প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে বহু প্ৰশংসাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও ১০ জন BLO আছে যিয়ে নিজৰ ৯০% কাম সম্পূৰ্ণ কৰিছে।
বাৰাণসী জিলা দণ্ডাধীশ সত্যেন্দ্ৰ কুমাৰে জনায় যে, SIR প্ৰক্ৰিয়াটো অতি সহজ। তেওঁলোকৰ প্ৰচেষ্টা আছিল প্ৰতিজন ভোটাৰৰ ওচৰলৈ যোৱা, আৰু এইক্ষেত্ৰত তেওঁলোক সফল হৈছে। BLO ৰ লগতে আমাৰ স্বেচ্ছাসেৱী অংগনবাড়ী কৰ্মী আৰু অনাময় কৰ্মীসকলে ভোটাৰসকলক প্ৰ-পত্ৰ পূৰণ কৰাত অধ্যৱসায়ীভাৱে সহায় কৰি আছে।
বৰ্তমান ছয়জন BLO ই নিজৰ অঞ্চলত SIR প্ৰ-পত্ৰ পূৰণ কৰি নিৰ্ধাৰিত সময়ৰ আগতেই সম্পূৰ্ণ কৰিছে। ৯০% কাম সম্পূর্ণ কৰি ১০ গৰাকী BLO ৰ। তেওঁলোক নিশ্চিত যে এই SIR প্ৰক্ৰিয়াটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব।
ইফালে বিএলঅ’ অৰুণ কুমাৰ সিঙে কয় যে, কোনো ধৰণৰ হেঁচা নোহোৱাকৈ তেওঁলোকে বিষয়াসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছে। জনসাধাৰণেও অতি উৎসাহেৰে ফৰ্ম পূৰণ কৰিছে।











