ভেনিজুৱেলাৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ড’নাল্ড ট্ৰাম্পে এক সতৰ্কবাণী জাৰি কৰে। ২৯ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ভেনিজুৱেলাৰ ওপৰেৰে আৰু ইয়াৰ আশে-পাশে থকা আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ বুলি গণ্য কৰা উচিত। দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ এই বক্তব্য ভেনিজুৱেলাৰ বাবে ভাবুকিতকৈ কম নহয়।
চীনৰ এক সংবাদ সংস্থাই জনোৱা মতে, ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা পেন্টাগনে কেৰিবিয়ান আৰু পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কথিত ড্ৰাগছ জাহাজত ২০টাতকৈও অধিক আক্ৰমণ সংঘটিত হয়। য’ত ৮০ জনতকৈও অধিক লোকৰ মৃত্যু হয়। নৱেম্বৰৰ মাজভাগত কেৰিবিয়ানত আমেৰিকাৰ সামৰিক উপস্থিতি আৰু অধিক শক্তিশালী হৈ উঠে।
২৭ নৱেম্বৰত আমেৰিকান সৈন্যৰ বাবে অনুষ্ঠিত হোৱা থেংকচগিভিং উদযাপনত ট্ৰাম্পে কয় যে ভেনিজুৱেলাত ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে অতি সোনকালে আমেৰিকাই স্থল পদক্ষেপ ল’ব পাৰে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই ড্ৰাগছ সৰবৰাহৰ সৈতে কোনো ধৰণৰ জড়িত থকাটো অস্বীকাৰ কৰি ৱাশ্বিংটনে ভেনিজুৱেলাত চৰকাৰ সলনি কৰিবলৈ বাধ্য কৰাৰ অজুহাত সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
খবৰ অনুসৰি, ২৮ নৱেম্বৰত কয় যে, বিগত সপ্তাহত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে কথা পাতিছিল ট্ৰাম্পে। প্ৰতিবেদন অনুসৰি, দুয়োগৰাকী নেতাই মুখামুখি বৈঠকৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা কৰা হোৱা নাই। ইয়াত লগতে কোৱা হৈছে যে, হোৱাইট হাউছ আৰু ভেনিজুৱেলা চৰকাৰ দুয়োটাই এই কথা-বতৰাৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।
খবৰ অনুসৰি ২৪ নৱেম্বৰত আমেৰিকাই আনুষ্ঠানিকভাৱে কাৰ্টেল ডি লছ ছ’লেছক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে নিৰ্ধাৰণ কৰি এই গোটটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে, যিটো গোটক মাডুৰ’ই ইয়াৰ নেতা বুলি দাবী কৰে। ভেনিজুৱেলাই এক বিবৃতিত কয় যে তেওঁলোকে এনে পদক্ষেপৰ বিৰোধিতা কৰে আৰু ইয়াক নিজৰ আভ্যন্তৰীণ বিষয়ত অবৈধভাৱে হস্তক্ষেপ কৰাৰ লক্ষ্যৰে এক অৰ্থহীন মিছা বুলি অভিহিত কৰে।











