বুধবাৰে দেশৰ ৰাজধানী দিল্লীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে দিল্লীৰ গাতে লাগি থকা গুৰগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে দিল্লীত ৮ গৰাকীৰ মৃত্যু হয়।
কেৱল এয়াই নহয় দিল্লী আৰু নয়দাৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। কৃত্ৰিম বানৰ বাবে দেশৰ ৰাজধানীত ভয়াৱহ যান-জঁটৰ সন্মুখীন হৈছে সাধাৰণ জনতা।
বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি বুধবাৰৰ দৰে আজিৰ দিনটোতো দিল্লীত বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এই সতৰ্কবাণীৰ পিছতে দিল্লী চৰকাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে।
দিল্লী, নয়দা, গাজিয়াবাদ, ফৰিদাবাদ, গুৰুগ্ৰামৰ বিভিন্ন অঞ্চলৰ ৰাস্তা-ঘাট এতিয়াও পানীৰ তলত বুৰ গৈ আছে। মেট্ৰ’ ষ্টেচন সমূহো পানীৰ কৱলত পৰাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।
উল্লেখ্য যে, অহা ৫ আগষ্টলৈ ৰাজধানী দিল্লীত বৰষুণ হৈ থাকিব বুলি বতৰ বিজ্ঞানে দিয়া আগজাননীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সাধাৰণ জনতাক অনাৱশ্যকীয় কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱাৰ লগতে সতৰ্ক হৈ থাকিবলৈও আহ্বান জনায়।