খ্ৰীষ্টান ধৰ্ম বা আন কোনো ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিয়ে নাপাব অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST)ৰ সুবিধা। এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দিয়ে।
হিন্দু ধৰ্মৰ পৰা অন্য কোনো ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিয়ে অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST)ৰ সুবিধা লাভৰ অধিকাৰী নহয় বুলি স্পষ্ট কৰি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে এক উল্লেখযোগ্য ৰায়দান। আদালতে উল্লেখ কৰিছে যে, এই সুবিধাসমূহ কেৱল হিন্দু ধৰ্মত থকা ব্যক্তিসকলৰ বাবেহে উপলব্ধ।
উত্তৰ প্ৰদেশ চৰকাৰক ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ আহ্বান আদালতৰ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰীৰ একক বিচাৰপীঠে ধৰ্মান্তৰিত হোৱাৰ পিছতো অনুসূচিত জাতিৰ সুবিধা লাভ কৰাটো সংবিধান উলংঘা বুলি উল্লেখ কৰে। ইয়াক গুৰুতৰ বিষয় বুলি অভিহিত কৰি আদালতে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ একক বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
ধৰ্ম সলনি কৰাৰ পিছতো SC-STৰ সুবিধা লাভ কৰা লোকৰ বিৰুদ্ধে ৪ মাহৰ ভিতৰত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। হিন্দু, শিখ, বৌদ্ধ, জৈন, আৰ্য সমাজ আদি হিন্দু পৰম্পৰাৰ ভিতৰত পৰে বুলি উল্লেখ কৰি আদালতে হিন্দুৰ সংজ্ঞা স্পষ্ট কৰি দিয়ে। যিজন মুছলমান, খ্ৰীষ্টান, পাৰ্চী, ইহুদী নহয় তেওঁক হিন্দু বুলি গণ্য কৰা হয়। অনুসূচিত জাতিৰ সুবিধা কেৱল হিন্দু (আৰু আনুষংগিক ধৰ্ম)ৰ বাবেহে উপলব্ধ। অন্য ধৰ্ম গ্ৰহণ কৰা ব্যক্তিয়ে এতিয়া এই সুবিধাসমূহৰ অধিকাৰী নহয়।











