৫ ট্রিলিয়ন অর্থনীতিৰ সপোন দেখা ভাৰতৰ বাবে এয়া বেয়া খবৰ। সৰ্বকালৰ অভিলেখ ভংগ কৰি পতন ঘটিল ভাৰতীয় টকাৰ মূল্যৰ। ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ’লগৈ ৯০.২৩ টকা। বিগত ১১ মাহ ধৰি ডলাৰৰ বিপৰীতে ক্রমাগত টকাৰ মূল্য হ্ৰাস হৈছে।
পোনপ্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৯০ৰ দেওনা পাৰ কৰিলে ভাৰতীয় মুদ্ৰাই। এছিয়াৰ সবাতোকৈ দুৰ্বল মূল্য বিবেচিত ভাৰতীয় মুদ্ৰা। ইণ্ডোনেছিয়া, ভিয়েটনামতকৈও আনকি দুৰ্বল হৈছে ভাৰতীয় টকাৰ মূল্য।
ইয়াৰোপৰি অভিলেখ সংখ্যক বাণিজ্যিক ঘাটি, আমেৰিকা-ভাৰত বাণিজ্যিক চুক্তিত পলম, বিদেশী বিনিয়োগকাৰীৰ বহিঃপ্ৰবাহ অব্যাহত থকাৰ বাবে টকাৰ ওপৰত হেঁচা পৰিছে। বিশেষকৈ সোণ আৰু ৰূপৰ আমদানিৰ বৃদ্ধিৰ লগতে ৰপ্তানি হ্ৰাস পোৱাৰ ফলত ব্যৱসায়িক সামগ্ৰীৰ বাণিজ্যৰ ব্যৱধান ৪১.৬৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত ডলাৰৰ চাহিদা বৃদ্ধি পাইছে।
লেহেমীয়া বাণিজ্যিক কাৰ্যকলাপ আৰু আমেৰিকাৰ শুল্কৰ প্ৰভাৱে এই সমস্যাৰ মূল কাৰণ হৈ উঠিছে। আনহাতে বিদেশী বিনিয়োগকাৰীয়ে এই বছৰৰ এতিয়ালৈকে ইকুইটিৰ পৰা প্ৰায় ১৭ বিলিয়ন ডলাৰ উলিয়াইছে, যাৰ ফলত মুদ্ৰাৰ ওপৰত আৰু অধিক হেঁচা পৰিছে।











