অসমীয়াত এষাৰ কথা আছে-
‘চোৰে নেৰে চুৰ বিদ্যা, কুকুৰে নেৰে ছাই;
যাৰ যি বিদ্যা আছে লগত লৈ যায়’
চোৰ সহজে নিজৰ প্ৰবৃত্তি এৰি নিদিয়ে। পিছে তাৰ মাজত দুই-এজন ধাৰ্মিক চোৰও দেখিবলৈ পোৱা যায়। সঁচাকৈয়ে তেনেকুৱা এক ঘটনা দেখিবলৈ পোৱা গৈছে। এজন ধাৰ্মিক চোৰৰ কৰ্ম-কাণ্ড সকলোৰে চকু কঁপালত তুলিছে। চোৰ হলেও তেওঁৰো আছে ধৰ্মৰ প্ৰতি অগাধ বিশ্বাস।
এই ঘটনা সংঘটিত হৈছে কলকাতাত। ঘটনাৰ বিৱৰণ অনুসৰি, এজন চোৰে কলনা পুৰণি বাছ ষ্টেণ্ড এলেকাৰ ৪ খন দোকানৰ প্ৰায় সকলো সামগ্ৰী লুটি লৈ যায়। পিছে চোৰে চুৰ কৰি উঠি এখন গীতাৰ মাজত ৫০টকীয়া নোট এখন এৰি থৈ পলায়ন কৰে।
অঞ্চলটোৰ দোকানীসকলৰ অভিযোগ মৰ্মে, চোৰে নিশা তলা ভাঙি দোকানত প্ৰৱেশ কৰে আৰু দোকানত থকা ধনৰ বাকচৰ পৰা সকলো ধন আৰু আনকি খাদ্যও লুটপাত কৰি লৈ যায়। কিন্তু আচৰিত ঘটনাটো হ’ল যে এলেকাটোৰ ফলমূলৰ ব্যৱসায়ী যাদৱ সাহাৰ দোকানৰ সকলো নগদ ধন চোৰজনে লৈ উধাও হয় যদিও তেওঁৰ দোকানত ৰখা গীতাখনত চোৰে ৫০ টকীয়া নোট এখন এৰি থৈ যায়। তেওঁ কয়- ‘মই ভাবো যে চোৰে পাপ খণ্ডনৰ বাবে এনে কৰিছিল।
এই চুৰিকাণ্ডই ঘটনাই অঞ্চলটোত আতংক বিয়পাইছে। তাৰ মাজতো ধৰ্মপৰায়ণ চোৰৰ এনে কাৰ্যই অঞ্চলটোৰ লোকসকলৰ মাজত আমোদৰো সৃষ্টি কৰিছে।নিজৰ সম্পত্তি হৰণ হ’লেও দোকানকেইখনৰ মালিকসকলে কয় যে চোৰজন হয়তো ধার্মিক আছিল। সেইবাবে চুৰি কৰাৰ পিছত নিজৰ পাপ অলপ হ’লেও কমাবৰ বাবে চোৰজনে এই পদ্ধতি গ্রহণ কৰে।











