ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। বেদখলকাৰীক উচ্ছেদ কৰা বাবে কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। নিতৌ বেদখলীকৃত ভূমিত চলিছে বন বিভাগৰ বুলড’জাৰ।
আজি মধ্য অসমৰ ৮ টাকৈ স্থানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। পুৱাৰে পৰা এফালৰ পৰা প্ৰশাসনে চলাইছে বুলড’জাৰ। ধিঙৰ প্ৰায় দুহেজাৰ বিঘা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান।
তিনিখনকৈ বিল অবৈধ দখলমুক্ত কৰিব প্ৰশাসনে। উচ্ছেদৰ বাবে ৩ স্থানত বাহৰ পাতিছে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দলে।
চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰিত চলিব উচ্ছেদ। লগতে ৰৌমাৰী বিল, মৈৰাধ্বজ, মাগুৰমাৰী বিলতো উচ্ছেদ চলাব প্ৰশাসনে। ইতিমধ্যে কেইবাদিনো পূৰ্বে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছিল ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে।












