ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১২৭১- মংগোলীয় সম্ৰাট কুবলাই খানে নিজৰ সাম্ৰাজ্যৰ নাম সলনি কৰি “ইউয়ান” কৰি চীনত ইউয়ান বংশৰ উত্থান ঘটাইছিল।
১৮৬৫- আমেৰিকাৰ সংবিধানে ত্ৰয়োদশ সংশোধনী গ্ৰহণ কৰে, য’ত আনুষ্ঠানিকভাৱে দাসত্ব বিলুপ্ত কৰা হৈছিল।
১৯১৬- প্ৰথম বিশ্বযুদ্ধৰ আটাইতকৈ দীঘলীয়া যুদ্ধ ভাৰ্ডান যুদ্ধৰ আনুষ্ঠানিকভাৱে জাৰ্মানীৰ পৰাজয় আৰু প্ৰায় ১০ লাখ লোকৰ মৃত্যুৰ ফলত সমাপ্ত হৈছিল।
১৯৬৬- জ্যোতিৰ্বিজ্ঞানী ৰিচাৰ্ড ৱাকাৰে শনিৰ চন্দ্ৰ এপিমিথিউছ আৱিষ্কাৰ কৰিছিল।
২০০২- আমেৰিকাৰ ফেশ্বন ডিজাইনাৰ কেলভিন ক্লেইনে ফিলিপছ-ভেন হিউজেন কৰ্পৰেশ্যনক কোম্পানীটো বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছিল।
২০০৮- INS ৰণবীৰৰ পৰা ব্ৰহ্মছ ছুপাৰছ’নিক মিছাইলৰ প্ৰথমটো উলম্ব উৎক্ষেপণ কৰা হৈছিল।
২০১৯- ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষমতাৰ অপব্যৱহাৰ আৰু কংগ্ৰেছত বাধা দিয়াৰ অভিযোগত অভিযোগনামাৰ সন্মুখীন হোৱা আমেৰিকাৰ তৃতীয়জন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছিল।









