হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসমত ১২ ডিচেম্বৰত SITয়ে আদালতত অভিযোগনামা দাখিল কৰে। ১৬ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি দিয়া হয়। ৭ অভিযুক্তক ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়।
SITৰ চাৰ্জশ্বীটৰ ভিত্তিতেই এই গোচৰ আগবাঢ়িছে। কিন্তু এই ঘটনাৰ আন এক তদন্ত কৰি আছে ছিংগাপুৰ আৰক্ষীয়ে। এই ঘটনাৰ পাছতেই ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমটো প্ৰতিবেদনত জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই বুলি উল্লেখ কৰিছিল।
এতিয়া পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। তেওঁলোকৰ ভাষ্য অনুসৰি ভাৰতীয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ফাউল প্লে’ৰ সন্দেহ নাই।
উল্লেখ্য যে, ছানটেক ছিংগাপুৰ কনভেনচন এণ্ড এক্সবিচন চেণ্টাৰত অনুষ্ঠিত হোৱা চতুৰ্থ নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰাৰ এদিন পূৰ্বে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ বিয়োগ ঘটে। জুবিন গাৰ্গৰ মৃত্যুৱে ছিংগাপুৰ আৰু ভাৰত দুয়োখন দেশতে প্ৰশ্নৰ উত্থাপন কৰিছিল।










