ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫৩০- আজিৰ দিনটোতে মোগল শাসক বাবৰৰ পুত্ৰ হুমায়ুনে তেওঁৰ উত্তৰাধিকাৰী হয়।
১৭৭৮- ব্ৰিটিছ বাহিনীয়ে আমেৰিকাৰ জৰ্জিয়া ৰাজ্য দখল কৰে।
১৮৪৫- টেক্সাছ আমেৰিকাৰ ২৮ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।
১৯১১- ছান য়াট-চেনক চীনৰ নতুন গণৰাজ্যৰ ৰাষ্ট্ৰপতি ঘোষণা কৰা হয়।
১৯২২- নেদাৰলেণ্ডে সংবিধান গৃহীত কৰে।
১৯৪৯- ইউৰোপীয় দেশ হাংগেৰীত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
১৯৭৫- ব্ৰিটেইনত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা আইন প্ৰণয়ন কৰা হয়।
১৯৭৭- বোম্বাই (বৰ্তমান মুম্বাই)ত বিশ্বৰ সৰ্ববৃহৎ মুকলি আকাশৰ থিয়েটাৰ ‘ড্ৰাইভ’ মুকলি কৰা হয়।
১৯৭৮- স্পেইনৰ সংবিধান কাৰ্যকৰী হয়।
১৯৮৪ – স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বাধিক সংখ্যাগৰিষ্ঠতাৰে সংসদীয় নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰে। তেলেগুসকলে ২৮খন আসন লাভ কৰি দেশৰ সৰ্ববৃহৎ বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰে।
১৯৮৫- শ্ৰীলংকাই ৪৩,০০০ ভাৰতীয়ক নাগৰিকত্ব প্ৰদান কৰে।
১৯৮৯- ভাক্লাভ হাভেল ১৯৪৮ চনৰ পিছত চেকোস্লোভাকিয়াৰ প্ৰথমজন অকমিউনিষ্ট ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
১৯৯৬- ৰাছিয়া আৰু চীনে নাটোৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিহত কৰিবলৈ একেলগে কাম কৰিবলৈ সন্মত হয়।
১৯৯৮- বিশ্বৰ প্ৰথমটো পাৰমাণৱিক বোমা নিৰ্মাণ কৰা আমেৰিকান বিজ্ঞানী ৰেগাৰ শ্ৰেইবাৰৰ মৃত্যু হয়।
২০০২- পাকিস্তানী পৰ্যটকক ভাৰতৰ তিনিখন চহৰ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হয়।
২০০৪- ইণ্ডোনেছিয়াত চুনামীৰ ঢৌৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ হাজাৰ হয়।
২০০৬- চীনে ২০০৬ চনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰে।
২০০৮- প্ৰখ্যাত চিত্ৰশিল্পী মঞ্জিত বাবাৰ মৃত্যু হয়।
২০১২- পাকিস্তানৰ পেছাৱাৰৰ সমীপত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২১ জন নিৰাপত্তাৰক্ষী নিহত হয়।










