ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৬৮৭- এখন চনদ জাৰি কৰা হয়, য’ত প্ৰতিনিধিত্বমূলক চৰকাৰ স্থাপন কৰা হয়, মসৃণ ন্যায়িক ব্যৱস্থা গঢ়ি তোলা হয় আৰু কৰ অধিকাৰ প্ৰদান কৰা হয়। এই চনদৰ অধীনত মাদ্ৰাজৰ প্ৰথম পৌৰ নিগম প্ৰতিষ্ঠা কৰা হৈছিল।
১৭০৩- আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত ভূমিকম্পৰ ফলত ৩৭,০০০ লোকৰ মৃত্যু হয়।
১৮৭৩- আমেৰিকাৰ নিউয়ৰ্কত মেট্ৰ’লজিকেল ছ’চাইটি ফৰ ওজন আৰু পৰিমাপ গঠন কৰা হয়।
১৮৯৩- ৰাছিয়া আৰু ফ্ৰান্সে সামৰিক চুক্তি স্বাক্ষৰ কৰে।
১৯০৬- ঢাকা (বৰ্তমান বাংলাদেশ)ত সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা হয়।
১৯২২- ৰাছিয়াৰ ৰাজধানী মস্কোৰ বলশ্বোই থিয়েটাৰৰ পৰা আনুষ্ঠানিকভাৱে ছোভিয়েট ইউনিয়ন গঠনৰ কথা ঘোষণা কৰা হয়।
১৯৩৫- ইথিওপিয়াত থকা ছুইডেনৰ ৰেড ক্ৰছৰ এটা ইউনিট ইটালীৰ যুদ্ধ বিমানে ধ্বংস কৰে।
১৯৪৩- আজিৰ দিনটোতে প’ৰ্ট ব্লেয়াৰত স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰি ভাৰতৰ ভূমিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰিছিল।
১৯৭৫- আফ্ৰিকাৰ দেশ মাদাগাস্কাৰত সংবিধান কাৰ্যকৰী হয়।
১৯৭৯- পশ্চিম আফ্ৰিকাৰ দেশ ট’গ’ই সংবিধান গৃহীত কৰে।
১৯৯৬- গুৱেটামালাত ৩৬ বছৰীয়া গৃহযুদ্ধৰ অন্ত পৰে।
২০০০- জেনেৰেল ওমৰ এল-বাছিল পুনৰ চুডানৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়; কলম্বিয়াক বিশ্বৰ আটাইতকৈ হিংসাত্মক আৰু বিপজ্জনক দেশ হিচাপে ঘোষণা কৰা হয়।
২০০১- লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক মুৰব্বী হাফিজ মহম্মদক পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয়; মাহমুদ আজহাৰ জেলত ভৰ্তি হ’ল।
২০০৮- সূৰ্যশেখৰ গাংগুলীয়ে ৪৬ সংখ্যক ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত জয়লাভ কৰে।
২০১২- পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী আক্ৰমণত ১৯ জন নিহত হয়।










