ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ভাগ্য সুপ্ৰন্ন হ’লে আসন্ন মৃত্যুৰ পৰাও সাৰি আহিব পাৰি।
শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে ওড়িশাত। এগৰাকী মহিলা নৈৰে উটি গৈ পালেগৈ অন্য এখন ৰাজ্য। ছত্তীশগড়ৰ মহানদীৰে উটি গৈ মহিলাগৰাকীয়ে উপস্থিত হ’ল ওড়িশাত। প্ৰায় ২০ কিলোমিটাৰ উটি যোৱাৰ পিছত মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰে মাছমৰীয়াই।
ৰায়গড় জিলাৰ পৰা পোৰাথ গাঁৱৰ নিৱাসী আছিল মহিলাগৰাকী। মানসিকভাৱে অস্থিৰ মহিলাগৰাকীক ওড়িশাৰ পালচাদা গাঁৱত সুস্থভাৱে উদ্ধাৰ কৰা হয়। প্ৰতিদিনৰ দৰে, মাছমৰীয়াসকলে ঝাৰচুগুড়াৰ মাছ ধৰিবলৈ মহানদীত উপস্থিত হৈছিল।
এই সময়ছোৱাত, মাছমৰীয়াসকলে দেখিছিল যে এগৰাকী মহিলাই নদীত সাঁতুৰি আছে। তেওঁলোকে অলপো সময় নষ্ট নকৰি মহিলাগৰাকীক উদ্ধাৰ কৰে। স্থানীয় ৰাইজে মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ আনে আৰক্ষীয়ে।