স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত থকা মধ্যপ্ৰদেশৰ ইন্দোৰত দূষিত পানী সেৱন কৰি ৩ জনকৈ লোকৰ মৃত্যু হয়। লগতে প্ৰায় ১৫০ জন লোক অসুস্থ বুলি জানিব পৰা গৈছে।
দুদিন পূৰ্বে চিকিৎসালয়খনত হঠাতে ৩৫ জন ৰোগী ভৰ্তি হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। এতিয়া আৰু ৩ জনকৈ লোকৰ মৃত্যুৰ খবৰে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। কিছুদিনৰ পৰা দূষিত পানীৰ যোগানৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও প্ৰশাসনৰ কোনো লোকে গুৰুত্ব দিয়া নাই বুলি অভিযোগ বাসিন্দাসকলৰ। দায়িত্বশীল পৌৰসভাৰ বিষয়াসকলেও এই বিষয়ত মৌনতা অৱলম্বন কৰিছে।
এক প্ৰতিবেদন অনুসৰি, ইন্দোৰৰ ১নং বিধানসভা সমষ্টিৰ ভাগীৰথপুৰা অঞ্চলত দূষিত পানী সেৱন কৰি অঞ্চলটোৰ ৰাইজ ৰোগত আক্ৰান্ত হৈছে। বহুতে অন্যান্য বিষয়ৰ লগতে বমি আৰু ডায়েৰিয়াৰ অভিযোগ উত্থাপন কৰিছে। এই পৰ্যন্ত দূষিত পানী সেৱনৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে। ২৬ আৰু ২৭ ডিচেম্বৰত ২ গৰাকী মহিলাৰ মৃত্যু হয়। ৩০ ডিচেম্বৰ মঙলবাৰে পুৱা আন এজন বৃদ্ধৰ মৃত্যু হয়।
ইফালে, দূষিত পানী সেৱনৰ ফলত অসুস্থ হৈ পৰা কেইবাজনো লোক এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই সমস্যাৰ বাবে প্ৰায় ১৫০ জন লোক অসুস্থ হোৱা বুলি জানিব পৰা গৈছে। ২৯ ডিচেম্বৰত সোমবাৰে একেলগে ৩৫ জন ৰোগী চিকিৎসালয়ত উপস্থিত হয়।
পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মোহন যাদৱে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ নহ’বলৈ নিৰ্দেশ দিছে। ইফালে স্থানীয় বিধায়ক তথা মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই চিকিৎসালয়খনত উপস্থিত হৈ ৰোগীসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সুস্থতাৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ আশ্বাস দিয়ে যে, সকলো ৰোগীৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব আৰু যিসকলে ইতিমধ্যে ধন জমা কৰিছে তেওঁলোকক ঘূৰাই দিয়া হ’ব।
স্বাস্থ্য বিভাগৰ দল আৰু আশা কৰ্মীসকলে নিয়মিতভাৱে পৰীক্ষাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰি আছে যদিও এতিয়ালৈকে কোনো স্পষ্ট কাৰণ চিনাক্ত হোৱা নাই। ইফালে ৰাইজে সাৱধানতা অৱলম্বন কৰি উতলা পানী খাবলৈ আৰম্ভ কৰিছে।










