বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ অবিৰতভাৱে অব্যাহত আছে। মিথুন সৰকাৰ নামৰ ২৫ বছৰীয়া হিন্দু যুৱকে চুৰিৰ সন্দেহত খেদি ফুৰা ভিৰৰ পৰা ৰক্ষা পাবলৈ খালত জপিয়াই আত্মহত্যা কৰে।
৭ জানুৱাৰীত বিয়লি ভাণ্ডাৰপুৰ গাঁৱৰ বাসিন্দা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চুবুৰীয়া দেশত ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি হিংসাত্মক ঘটনা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। বিগত কিছুদিনত সংঘটিত হোৱা ধাৰাবাহিক নৃশংস আক্ৰমণৰ শেহতীয়া ঘটনা হৈছে মিথুন সৰকাৰৰ মৃত্যু।
হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ঐক্য পৰিষদে ডিচেম্বৰ মাহত ১০টা হত্যাকাণ্ডকে ধৰি কমেও ৫১টা লক্ষ্য নিৰ্ধাৰণ কৰি সংঘটিত কাণ্ডৰ বিশদ বিৱৰণ দি এক বিবৃতি প্ৰকাশ কৰে। পৰিষদে অগ্নিসংযোগ, ধৰ্ষণ, আৰু লুণ্ঠনৰ গোচৰৰ বিশদ বিৱৰণ দি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে যে, এই নৃশংসতাসমূহ ১২ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুসকলক ভয় খুৱাবলৈ কৰা এক পদ্ধতিগত প্ৰচেষ্টা যেন পৰিলক্ষিত হয়।
পৰিষদৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বাংলাদেশে ইয়াৰ পূৰ্বেও ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল যদিও বৰ্তমানৰ পৰিস্থিতিত প্ৰতিষ্ঠানিক দুৰ্বলতা আৰু ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক উদ্বেগৰ বিপজ্জনক সংমিশ্ৰণ দেখা গৈছে। ইয়াত উল্লেখ কৰা হৈছে যে, ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ বাবে দেশখনে প্ৰস্তুতি চলোৱাৰ সময়তে এনেধৰণৰ হিংসুক কাৰ্যই গা কৰি উঠিছে। ২০২৪ চনত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে।
মানৱ অধিকাৰ পৰ্যবেক্ষকসকলৰ মতে শেহতীয়া হত্যাকাণ্ডবোৰ বিচ্ছিন্ন কাণ্ড নহয়, বৰঞ্চ দেশখনৰ অতি দুৰ্বল নাগৰিকক সুৰক্ষা দিয়াৰ ক্ষমতাৰ বহল ব্যৰ্থতাৰ লক্ষণহে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় সমাজে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা আৰু অন্তৱৰ্তীকালীন প্ৰশাসনৰ স্থিতিশীলতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।










