ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। আমেৰিকাৰ ভাবুকিৰ পিছত ইৰাণেও এতিয়া একেধৰণৰ ভাবুকি প্ৰদান কৰিছে। ইফালে আমেৰিকাই আন দেশক সংগঠিত কৰি যিকোনো সম্ভাৱ্য পদক্ষেপৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে।
এই প্ৰচেষ্টাত আমেৰিকাইও পাকিস্তানক ব্যৱহাৰ কৰি ইৰাণৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে। এই সন্দৰ্ভত পাকিস্তানত এটা গোপন প্ৰতিনিধি দলো উপস্থিত হয়। দুদিন পূৰ্বে ইৰাণৰ শাসন ব্যৱস্থাক উফৰাই পেলোৱাৰ উদ্দেশ্যেৰে পাকিস্তানৰ সামৰিক আৰু চোৰাংচোৱা সংস্থাৰ পৰা পৰামৰ্শ আৰু সহায় বিচাৰি ইছলামাবাদত উপস্থিত হৈছিল আমেৰিকা-ইজৰাইলৰ যৌথ গোপন প্ৰতিনিধি দল।
খবৰ অনুসৰি, আমেৰিকা-ইজৰাইলৰ গোপন প্ৰতিনিধি দলটোৱে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনীৰৰ সৈতেও কেইবাটাও গোপন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে যদি ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে সম্ভাৱ্য যুদ্ধ তীব্ৰতৰ হৈ পৰে, তেন্তে পাকিস্তানে আমেৰিকা আৰু ইজৰাইলক সামৰিক সহায় আগবঢ়াব।
পাকিস্তানৰ এই সহায়ৰ বিনিময়ত আমেৰিকা আৰু ইজৰাইলৰ প্ৰতিনিধি দলে জেনেৰেল অসীম মুনীৰক তেওঁৰ স্বৈৰাচাৰী নীতিক লৈ হেঁচা নিদিয়ে আৰু পাকিস্তানক গোপন আৰ্থিক সাহায্যও আগবঢ়াব। সূত্ৰসমূহে এইটোও দাবী কৰিছে যে, প্ৰয়োজন হ’লে পাকিস্তানে আমেৰিকা আৰু ইজৰাইলক নিজৰ সামুদ্ৰিক ভূখণ্ড আৰু কিছুমান বিশেষ বিমান ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিব পাৰে।










