মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি নিজকে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ঘোষণা কৰে। ফটোখন সম্পাদিত ৱিকিপিডিয়াৰ পৃষ্ঠাৰ যেন পৰিলক্ষিত হয়, য’ত ২০২৬ চনৰ জানুৱাৰী মাহলৈকে ট্ৰাম্পক “ভেনিজুৱেলাৰ কাৰ্যবাহীন ৰাষ্ট্ৰপতি” হিচাপে দেখুওৱা হৈছে। ইয়াত আমেৰিকাৰ ৪৫ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰকৃত চৰকাৰী পদবীৰ কথাও উল্লেখ কৰা হৈছে।
ট্ৰাম্পে তেলৰ যোগান আৰু চলি থকা কূটনৈতিক আলোচনাৰ সম্পৰ্ক উন্নত কৰাৰ লক্ষণ বুলি উল্লেখ কৰি ভেনিজুৱেলাৰ নেতৃত্বৰ সৈতে আমেৰিকাই অতি দক্ষতাৰে কাম কৰি আছে বুলি কোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।
যেতিয়া ট্ৰাম্পক কাৰাকাছৰ নতুন নেতৃত্বৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধা হয়, তেতিয়া তেওঁ কয় যে, ভেনিজুৱেলাত সকলো থিকেই চলি আছে। ট্ৰাম্পে বুজাই দিয়ে যে ভেনিজুৱেলাই আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ তেলৰ চালান বিচাৰিছিল। ট্ৰাম্পে কয় যে তেল কোম্পানীসমূহে ভেনিজুৱেলাৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰিছে। শক্তি কোম্পানীসমূহক দিয়া আশ্বাস সন্দৰ্ভত ট্ৰাম্পে কয় যে তেওঁ তেওঁলোকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিছে আৰু কোনো সমস্যা নহ’ব।
তেওঁ পূৰ্বৰ অসুবিধাৰ বাবে পূৰ্বৰ আমেৰিকা চৰকাৰক দোষাৰোপ কৰে। তেওঁ কয় যে ট্ৰাম্প ৰাষ্ট্ৰপতি নহয় বাবে তেওঁলোকৰ পূৰ্বতেও সমস্যা হৈছিল। ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে উল্লেখ কৰিছিল যে ভেনিজুৱেলাৰ পৰা কিউবালৈ আৰু তেল বা ধন প্ৰবাহিত নহ’ব আৰু দুয়োখন দেশৰ মাজত দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত আমেৰিকাৰ সেনাবাহিনী জড়িত হ’ব।










