No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। ভোগালীৰ বজাৰত উখল-মাখল পৰিবেশ। উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ সাজু হৈছে সকলো।উজান বজাৰৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ। ৰৌ, বৰালী, চিতল, ভকুৱা, বাহু, বৰালি আদি মাছেৰে ভৰি পৰিছে মহানগৰীৰ উজান বজাৰ। গণেশগুৰি বজাৰত ১৩ কেজি ওজনৰ আঁৰি, ৬মাইলৰ বজাৰত ১২ কেজি ওজনৰ বৰালী মাছ বিক্ৰী কৰিবলৈ অনা হৈছে। ঠিক ৰাজ্যৰ আন আন প্ৰান্ততো উঠিছে মাছৰ উজান। পুৱতি নিশাৰে পৰাই ডিব্ৰুগড়ৰ মাছ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ। চিতল, ভকুৱা, আঁৰি, ব্ৰিগেড আদি থলুৱা মাছেৰে বজাৰখন উভৈনদী হৈ পৰিছে। বোকাখাতৰ ভোগালীৰ বজাৰত ওলাইছে ৩৫ কেজি ওজনৰ বিগ-হেড মাছ। ৮০০ ৰ পৰা ১২০০ টকা পৰ্যন্ত প্ৰতি কেজি বৰালি, চিতল, বাহু মাছ । লখিমপুৰৰ ভোগালীৰ বজাৰতো একেই পৰিবেশ দেখা গৈছে। পানীগাঁৱৰ মাছৰ বজাৰত ওলাইছে ১০ৰ পৰা ১৬ কেজি ওজনৰ আঁৰি মাছ। ২০০০ টকাৰ কেজি ওজনৰ আঁৰি মাছৰ লগতে উপলব্ধ হৈছে প্ৰায় ১৫ কেজি ওজনৰ বৰালি, চিতল মাছ।
- হেঁপাহৰ ভোগালী বিহুটিৰ আগমনে প্ৰাণচঞ্চল কৰি তুলিছে প্ৰতিজন অসমীয়াৰ। ভোগৰ উৎসৱ ভোগালী বিহুক উখল-মাখল হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ভোগালীৰ উৰুকাৰ আনন্দ-উদ্দীপনাই আন্দোলিত কৰিছে প্ৰতিজন লোকক। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাক সাকাৰ ৰূপ দিবলৈ গাঁৱে-ভূঁইয়ে, চহৰে-নগৰে এতিয়া ব্যস্ততাৰ অন্ত নাই। ডেকা-গাভৰু সকলোৱে একলগে সাজি উলিয়াইছে মেজি-ভেলাঘৰ। মেজিৰ তলত ভোঁজ-ভাত খাব সকলোৱে।
- মহানগৰীত ‘হিট এণ্ড ৰান’ৰ ঘটনা। সুৰামত্ত যুৱতীৰ বাহনৰ খুণ্ডাত আহত হয় এজন শ্ৰমিক। আহত শ্ৰমিকজনৰ নাম হৈছে ছাইদুল ইছলাম। ৬ মাইল উৰণসেঁতুত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰে যুৱতীগৰাকীয়ে। আঘাতপ্ৰাপ্ত ছাইদুল ইছলামক GMCHত ভৰ্তি কৰোৱা হয়।
- ইৰাণৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছে যে, ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশৰ ওপৰত আমেৰিকাই শুল্ক বৃদ্ধি কৰিব। এই পদক্ষেপক ইৰাণৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধিৰ কৌশল হিচাপে দেখা গৈছে। ইৰাণত দুসপ্তাহতকৈও অধিক সময় ধৰি হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে আৰু ট্ৰাম্পে এই প্ৰতিবাদ সন্দৰ্ভত ইৰাণ চৰকাৰক বাৰে বাৰে সকীয়াই দি আহিছে।
No Result
View All Result