ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫১৪- পোপ ১০ম লিঅ’ই দাসত্বৰ বিৰুদ্ধে আদেশ জাৰি কৰে।
১৫৫১- আকবৰৰ নটা ৰত্নৰ ভিতৰত অন্যতম আবুল ফাজলৰ জন্ম হয়।
১৭৬০- ফৰাচী জেনেৰেল লেলিয়ে পণ্ডিচেৰী ব্ৰিটিছৰ হাতত আত্মসমৰ্পণ কৰে।
১৭৬১- মাৰাঠা আৰু আফগান শাসক আহমদ শ্বাহ আব্দলীৰ মাজত পানীপাটৰ তৃতীয় যুদ্ধ হয়।
১৮০৯- ইংলেণ্ড আৰু স্পেইনে নেপোলিয়ন বোনাপাৰ্টৰ বিৰুদ্ধে মিত্ৰতা কৰে।
১৯২৬- প্ৰখ্যাত লেখিকা তথা সমাজ কৰ্মী মহাস্বেতা দেৱীৰ জন্ম হয়।
১৯৬৯- মাদ্ৰাজৰ নাম সলনি কৰা হয় তামিলনাডু।
১৯৩৭- ছায়াবাদী কবি জয়শংকৰ প্ৰসাদৰ মৃত্যু হয়।
১৯৭৪- বিশ্ব ফুটবল লীগ প্ৰতিষ্ঠা হয়।
১৯৭৫- ছোভিয়েট ইউনিয়নে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তি বন্ধ কৰে।
১৯৮২- ইন্দিৰা গান্ধীয়ে ২০ দফা নতুন অৰ্থনৈতিক কাৰ্যসূচীৰ সবিশেষ দাঙি ধৰে।
২০০৭- নেপালত অন্তৱৰ্তীকালীন সংবিধান অনুমোদন কৰা হয়।
২০২০- নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেৰালা চৰকাৰে আবেদন দাখিল কৰে। এনে পদক্ষেপ লোৱা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় কেৰালা।










