ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
খ্ৰীষ্টপূৰ্ব ২৭- ৰোমান চেনেটে গাইয়াছ জুলিয়াছ চিজাৰ অক্টেভিয়ানক অগাষ্টাছ উপাধি প্ৰদান কৰি ৰোমান সাম্ৰাজ্যৰ আৰম্ভণি ঘটায়।
১৫৪৭- ইভান দ্য টেৰিবলক “জাৰ এণ্ড গ্ৰেট প্ৰিন্স অৱ অল ৰাছিয়া” হিচাপে অভিষিক্ত কৰা হয়।
১৭৬১- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফৰাচীসকলৰ পৰা পণ্ডিচেৰী চহৰ দখল কৰে।
১৭৫৭- নাৰেলাৰ যুদ্ধত মাৰাঠা সাম্ৰাজ্যৰ সেনাই দুৰ্ৰানী সাম্ৰাজ্যৰ আগ্ৰাসী সেনাক পৰাস্ত কৰে।
১৭৯৩- ফৰাচী বিপ্লৱৰ সময়ত ৰাষ্ট্ৰীয় সন্মিলনৰ দ্বাৰা ষোড়শ লুইক মৃত্যুদণ্ড দিয়া হয়।
১৯২০- ফ্ৰান্সৰ পেৰিছত লীগ অৱ নেচনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।
১৯৪৫- দ্বিতীয় বিশ্বযুদ্ধত পৰাজয়ৰ পিছত জাৰ্মান নাজী একনায়কত্ববাদী এডলফ হিটলাৰে নিজৰ মাটিৰ তলৰ বাংকাৰলৈ পিছুৱাই যায়।
২০০৩- স্পেচ শ্বাটল কলম্বিয়াই কল্পনা চাওলা আৰু আন ছয়জন ক্ৰু মেম্বাৰ কঢ়িয়াই STS-107 জাহাজত চূড়ান্ত বিমান যাত্ৰা আৰম্ভ কৰে।
২০০৬- এলেন জনছন ছাৰলিফে লাইবেৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি আফ্ৰিকান এখন দেশৰ প্ৰথম নিৰ্বাচিত নেতা হিচাপে পৰিগণিত হয়।
২০২১- ভাৰতে ক’ভিড-১৯ৰ প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ কৰিছিল, য’ত চাফাইকৰ্মী মনীষ কুমাৰে প্ৰথমটো ভেকচিন শ্বট গ্ৰহণ কৰিছিল।










