ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৮২৩- আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মনৰোৱে দক্ষিণ আমেৰিকাত প্ৰথম ৰাষ্ট্ৰদূত নিযুক্তি দিয়ে।
১৮৮০- থমাছ আলভা এডিচনে বৈদ্যুতিক বাল্বটোৰ পেটেণ্ট লাভ কৰে।
১৮৮৮- ৱাশ্বিংটনত নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটি প্ৰতিষ্ঠা হয়।
১৮৯১- আজিৰ দিনটোতে পেনচিলভেনিয়াৰ মাউণ্ট প্লেচেণ্টত হোৱা খনি বিস্ফোৰণত ১০৯ জন লোকৰ মৃত্যু হয়।
১৯০৫- ফ্ৰান্সত মৰিছ ৰ’ভিয়াৰে চৰকাৰ গঠন কৰে।
১৯১৫- আমেৰিকাৰ মেৰিনে হাইটি দখল কৰে।
১৯৪৩- আমেৰিকাই জাৰ্মানীৰ ওপৰত প্ৰথম বিমান আক্ৰমণ চলায়।
১৯৪৮- প্ৰথম টেপ ৰেকৰ্ডাৰ বিক্ৰী হয়।
১৯৫৯- নতুন দিল্লীত প্ৰথম অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।
১৯৬৭- এপ’ল’ ১ দুৰ্ঘটনাত তিনিজন মহাকাশচাৰীৰ মৃত্যু হয়।
১৯৬৯- ইৰাকৰ ৰাজধানী বাগদাদত চোৰাংচোৱাগিৰিৰ অপৰাধত ১৪ জন লোকক মৃত্যুদণ্ড দিয়া হয়।
১৯৭৪- ৰাষ্ট্ৰপতি ভি.ভি. গিৰীয়ে নতুন দিল্লীৰ টিন মূৰ্তিত থকা নেহৰু সোঁৱৰণী সংগ্ৰহালয় জাতিলৈ উচৰ্গা কৰে।
১৯৮৮- প্ৰথমবাৰৰ বাবে হেলিকপ্টাৰ ডাক সেৱাৰ শুভাৰম্ভ কৰা হয়।
১৯৯৬- আমেৰিকাই পাকিস্তানক ৩.৬৮ বিলিয়ন ডলাৰৰ অস্ত্ৰ যোগান ধৰা সম্পৰ্কীয় ব্ৰাউন সংশোধনী বৈধ হয়; ফ্ৰান্সে ষষ্ঠ আৰু সম্ভৱতঃ চূড়ান্ত পাৰমাণৱিক পৰীক্ষা চলাইছিল।
২০০৮- পশ্চিমবংগৰ ১৩খন জিলাত বাৰ্ড ফ্লু বিয়পি পৰে।
২০১৩- আজিৰ দিনটোতে আফগানিস্তানৰ কান্দহাৰত বোমা বিস্ফোৰণত ২০ জন আৰক্ষী বিষয়া নিহত হয়।







