অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুপতি মন্দিৰৰ লাড়ুৰ সন্দৰ্ভত কৰা দাবীয়ে সমগ্ৰ দেশতে ক্ষোভৰ জোৱাৰৰ সৃষ্টি কৰিছে। তেওঁ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল যে তিৰুপতি মন্দিৰৰ প্ৰসাদ লাড়ুবোৰ “নিষিদ্ধ মাংসৰ চৰ্বি”ৰে অপবিত্ৰ কৰা হৈছে।
ৰাজনৈতিক আৰু ধৰ্মীয় হুলস্থুলৰ ১৬ মাহৰ পাছত এতিয়া চিবিআইৰ বিশেষ তদন্তকাৰী দলে তদন্ত সমাপ্ত কৰি চূড়ান্ত অভিযোগনামা দাখিল কৰি পুনৰবাৰ ৰাজনৈতিক উষ্ণতা বৃদ্ধি কৰিছে।
সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ সাদিনেনী ইয়ামিনি শৰ্মাই কয় যে, উচ্চতম ন্যায়ালয়ত চিবিআইৰ নেতৃত্বাধীন বিশেষ তদন্তকাৰী দলে তিৰুপতি লাড্ডু কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা দাখিল কৰিছে। এই অভিযোগতনামাত নিষিদ্ধ মাংসৰ চৰ্বিৰে বনোৱা ঘিউৰ মিশ্ৰণেৰে লাড়ু তৈয়াৰেৰে জড়িত ৩৬ জন ব্যক্তিৰ নাম উল্লেখ কৰিছে। অভিযোগনামাত লাড়ু তৈয়াৰৰ বাবে বিশুদ্ধ ঘিউৰ পৰিৱৰ্তে কৃত্ৰিম ঘিউ যোগান ধৰা বুলিও এছ আই টিয়ে স্পষ্ট কৰি দিয়ে।
ইফালে ৱাই এছ আৰ চি পিৰ ৰাজ্যসভাৰ সদস্য তথা টি টি ডিৰ প্ৰাক্তন অধ্যক্ষ ৱাই.ভি. চুব্বা ৰেড্ডীয়ে উল্লেখ কৰে যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰণ কৰি চিবিআই নেতৃত্বাধীন বিশেষ তদন্তকাৰী দলে দাখিল কৰা চূড়ান্ত অভিযোগনামাত নিৰ্ণায়কভাৱে প্ৰমাণিত হৈছে যে তিৰুপতি লাড়ুৰ প্ৰসাদত ব্যৱহাৰ কৰা ঘিউত কোনো পশুৰ চৰ্বি বা পশুৰ পৰা আহৰণ কৰা পদাৰ্থ পোৱা নাযায়। তেওঁ কয় যে চন্দ্ৰবাবু নাইডু হৈছে নিক্ৰিষ্ট ৰাজনীতিকৰৰ ব্ৰেণ্ড এম্বেছাদৰ। তেওঁ তিৰুপতি মন্দিৰত তৈয়াৰ কৰা প্ৰসাদত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি কোনো নিশ্চয়তা অবিহনে দাবী কৰিছে। চন্দ্ৰবাবু নাইডুৱে কেৱল ৰাজনৈতিক সুবিধা বিচাৰিছে। যাৰ বাবে তেওঁ ভেংকটেশ্বৰ স্বামীৰ ভক্তসকলৰ ওচৰত ক্ষমা খুজিটো দৰকাৰ।
উল্লেখ্য যে ২০২৪ চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত গঠন হোৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ নেতৃত্বত গঠন হোৱা বিশেষ তদন্তকাৰী দলটোৱে ২০২৬ চনৰ ২৩ জানুৱাৰীত নেল্লোৰৰ দুৰ্নীতি বিৰোধী ব্যুৰো আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰে। এই বিশদ নথিখনে এক বৃহৎ ক্ৰয় কেলেংকাৰী আৰু বিপজ্জনক মিশ্ৰণ নিশ্চিত কৰিছিল যদিও শেষত এই সিদ্ধান্তত উপনীত হয় যে মিশ্ৰণটো পশুৰ চৰ্বি নহয়, বৰঞ্চ পৰীক্ষাগাৰত প্ৰস্তুত কৰা উদ্ভিদজাত তেল আৰু কৃত্ৰিম ঘিউহে। ২২ জানুৱাৰীত নেল্লোৰৰ এচিবি গোচৰৰ বিশেষ ন্যায়াধীশৰ সন্মুখত দাখিল কৰা ২২৩ পৃষ্ঠাৰ পৰিপূৰক আৰু চূড়ান্ত অভিযোগনামাত ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৩৬ জন ব্যক্তি আৰু প্ৰতিষ্ঠানে ২৩৪ কোটি টকা আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে।










