২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ঠিক পূৰ্বে ভাৰত-পাকিস্তানৰ মেচক কেন্দ্ৰ কৰি পৰিস্থিতি ক্ৰমাগতভাৱে অস্থিৰ হৈ উঠিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিছে যে, পাকিস্তানে টি-২০ ৱৰ্ল্ডকাপত ভাৰতৰ সৈতে নেখেলে। এই সিদ্ধান্তই ক্ৰিকেট অনুৰাগীৰ আশাক ভেঙুচালি কৰাই নহয় ICCৰ ৰাজহক লৈও গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
ভাৰত-পাকিস্তানৰ মেচখনেই হৈছে ICCৰ যিকোনো প্ৰতিযোগিতাত সৰ্বাধিক চৰ্চিত ইভেণ্ট। ভাৰত-পাকিস্তানৰ খেলে টিভি আৰু ডিজিটেল প্লেটফৰ্মত দৰ্শকৰ সংখ্যাৰ অভিলেখ ভংগ কৰে। এই মেচৰ ভিত্তিত সম্প্ৰচাৰকসকলে বৃহৎ পেকেজ ক্ৰয় কৰে। সাধাৰণতে ভাৰতীয় মেচ এখনত প্ৰায় ১০০ কোটি টকাৰ ৰাজহ হয় যদিও ইয়াৰ বিপৰীতে পাকিস্তানৰ এই সংখ্যা বহুত বেছি।
ভাৰত-পাকিস্তান টি-২০ খেলৰ সময়ত বিজ্ঞাপনৰ খৰচ আকাশলংঘী হয়। খবৰ অনুসৰি, এই মেচখনত ১০ ছেকেণ্ডৰ বিজ্ঞাপনৰ দাম ২৫ৰ পৰা ৪০ লাখ টকাৰ ভিতৰত। এই কাৰণেই এটা মেচত প্ৰায় ২০০ কোটি টকাৰ টাৰ্ণঅভাৰ হয়।
যদি সঁচাকৈয়ে এই মেচ খেলা নহয়, তেন্তে এই সমগ্ৰ ৰাজহ নাইকিয়া হৈ যাব। ইয়াৰ ফলত ICCয়ে লাভ কৰা সম্প্ৰচাৰ মাচুলৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব। এইবাৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ সংবাদ মাধ্যমৰ অধিকাৰ জিঅ’-হটষ্টাৰৰ হাতত। মেচ বাতিল হ’লে সম্প্ৰচাৰকজনে বৃহৎ লোকচানৰ সন্মুখীন হ’ব আৰু ক্ষতিপূৰণ দিয়াৰ দায়িত্ব অৱশেষত ICCৰ ওপৰত পৰিব।
ICCৰ ৰাজহ ভাগ-বতৰাৰ আৰ্হি এনেকুৱা যে উৎপন্ন হোৱা ৰাজহ বিভিন্ন ক্ৰিকেট ব’ৰ্ডৰ মাজত বিতৰণ কৰা হয়। ফলস্বৰূপে লোকচান কেৱল ICCতে সীমাবদ্ধ নাথাকিব। বিচিচিআই, পিচিবি, আৰু অন্যান্য ব’ৰ্ডৰ ৰাজহতো প্ৰভাৱ পৰিব।বিচিচিআইৰ দৰে শক্তিশালী ব’ৰ্ডৰ বাবে এইটো কোনো উল্লেখযোগ্য আঘাত নহ’বও পাৰে যদিও ইতিমধ্যে আৰ্থিক হেঁচাত সন্মুখীন হোৱা সৰু ব’ৰ্ড আৰু পিচিবিৰ বাবে ই এক উল্লেখযোগ্য আঘাত হ’ব পাৰে।









