মেষ: আবেগ, হতাশা, ক্ষোভ বর্জন কৰক। কামৰ প্রতি অনিহা প্রকাশ পাব পাৰে। য’তে-ত’তে যিকোনো মন্তব্য নকৰিব। স্বভাৱ সলনি কৰক। ভ্রমণত কষ্ট। শুভ ৰং ৰঙা। শুভ সংখ্যা পাঁচ।
বৃষ: কর্মত দূৰদর্শিতা প্রকাশ পাব। আনমনা নহ’ব। কামাখ্যা মন্দিৰ দর্শন কৰক। জণ্ডিচ, পিত্ত আদি ৰোগত ভুগিব পাবে। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা দুই।
মিথুন: কর্মস্পৃহা উন্নত যদিও শত্রু পদে পদে থাকিব। বগলা মাক পূজা কৰক। যিকোনো খাদ্য নাখাব। অন্ধবিশ্বাসে ক্ষতি কৰিব। আলহীৰ আগমন। শুভ ৰং মাখন। শুভ সংখ্যা ছয়।
কর্কট: গুৰুত্বপূর্ণ কাম দক্ষতাৰে সম্পাদন কৰিব পাৰিব। প্রতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি। মাতৃক পূজা কৰক। সম্পদ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা চাৰি।
সিংহ: কর্মত দূৰদর্শী চিন্তাৰ প্রকাশ। আলহীৰ আগমন। হিংসুক স্বভাৱ সলনি কৰক। অর্থ লাভ। শত্রু নাশ হ’ব। ভ্রমণত সফল। শুভ ৰং কমলা। শুভ সংখ্যা আঠ।
কন্যা: কর্মোন্নতি। হীনমন্যতাত যাতে নোভোগে লক্ষ্য ৰাখক। হনুমান চালিচা পাঠ কৰক। নিৰামিষ খাওক। মূল্যবান সম্পদ লাভ। শুভ ৰং গোলাপী। শুভ সংখ্যা ছয়।
তুলা: যিকোনো কামত বলিষ্ঠতা থাকিব। দুষ্ট লোকে সৰলতাৰ সুযোগ ল’ব। হঠাৎ মতিভ্রম হ’ব পাৰে। খং কমাওক। ব্যয় বৃদ্ধি। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা চাৰি।
বৃশ্চিক: সামাজিক-ধর্মীয় স্থিতি উন্নত। প্রতিবেশীৰ সৈতে কাজিয়া হ’ব পাৰে। শৰীৰচৰ্চা কৰাসকলে সুফল পাব। ৰোগ কমিব। শুভ ৰং গোলাপী। শুভ সংখ্যা দুই।
ধনু: চৰকাৰী কামত তৎপৰতা। চঞ্চলা মহিলাৰপৰা ক্ষতি হ’ব পাবে। কীটনাশক দ্রব্যবপৰা সাৱধান। অর্থ লাভ। শত্রু কমিব। শুভ বং মুগা। শুভ সংখ্যা আঠ।
মকৰঃ গুৰুত্বপূৰ্ণ কামত ন্যস্ত থাকি ভাল পাব। বায়ু, কফ, পিত্ত ৰোগত ভুগিব পাৰে। যাকে-তাকে গুপুত কথা নক’ব। বিদ্যাত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা চাৰি।
কুম্ভ: নিজৰ শক্তিৰ উমান পাব। গৱেষকে মূল্যবান তথ্য লাভ কৰিব। আনৰ ওপৰত একো নির্ভৰ নকৰিব। যান-বাহন লাভ। প্রেমত শুভ। শুভ ৰং মুগা। শুভ সংখ্যা দুই।
মীন: বলিষ্ঠ সংযোগ। শৈশৱৰ স্মৃতি ৰোমন্থন কবি নষ্টালজিক হ’ব পাবিব। ৰোগ কমিব। খাদ্যৰ প্রতি সচেতন হওক। বিদ্যাত সুখ। শুভ ৰং কমলা। শুভ সংখ্যা পাঁচ।








