ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯১১- আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়।
২০০১- ইজৰাইলত শ্বেৰনৰ নেতৃত্বত এখন জাতীয় ঐক্য চৰকাৰে শপত গ্ৰহণ কৰে।
২০০৬- ইৰাণ বিষয়ত ৰাছিয়াই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে।
২০০৮- বম্বে ষ্টক এক্সচেঞ্জে তালিকাভুক্তকৰণৰ প্ৰয়োজনীয়তা পূৰণ নকৰাৰ বাবে দহটা কোম্পানীৰ শ্বেয়াৰৰ ব্যৱসায় বন্ধ কৰি দিয়ে।
২০০৮- কায়ৰো আন্তঃৰাষ্ট্ৰীয় শিশু মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল “ফেয়াৰ অৱ ফুটপাথছ” ছবিখনে।
২০০৯- ভাৰতৰ আগশাৰীৰ গলফাৰ জ্যোতি ৰান্ধৱাই থাইলেণ্ড অ’পেন খিতাপ দখল কৰে।
২০১৭- মধ্যপ্ৰদেশত ভোপাল-উজ্জয়ন যাত্ৰীবাহী ৰেল বিস্ফোৰণৰ সন্দেহ ISIS; দেশত আইছিছৰ প্ৰথমটো আক্ৰমণ।
২০১৮- ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নেইফিউ ৰিঅ’ই।
২০১৮- ভাৰতৰ উচ্চতম ন্যায়ালয়ে চৰ্তসাপেক্ষ ইউথেনাচিয়াৰ অনুমতি প্ৰদান কৰে।








