ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৯৯- ব্ৰিটিছ উদ্যোগপতি স্বৰাজ পালক চেণ্ট্ৰেল বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ফ্ৰান্সিস্কো ফ্ল’ৰেছ এল ছালভাডৰ (দক্ষিণ আমেৰিকা)ৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
২০০৩- ইন্টাৰপলে পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমোৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।
২০০৪- পাকিস্তানে ২০০০ কিলোমিটাৰ দূৰত্বৰ শ্বাহীন-২ (Hatf-6) পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে।
২০০৫- থাকচিন শ্বিনাৱাত্ৰা দ্বিতীয় কাৰ্যকালৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
২০০৭- ব্ৰিটেইনৰ ভাৰতীয় চিকিৎসকে বৈষম্যমূলক অনুপ্ৰৱেশৰ নিয়মৰ বিৰুদ্ধে আইনী সফলতা লাভ কৰে।
২০০৮- গোৱাৰ ৰাজ্যপাল এছ চি জমিৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰে।
২০০৮- মালয়েছিয়াত সংসদীয় নিৰ্বাচনত পৰাজিত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী আব্দুল্লা আহমদ বাদাৱী।
২০০৯- তামিলনাডুৱে পশ্চিম বংগক ৬৬ ৰানত পৰাস্ত কৰি বিজয় হাৰাৰে ট্ৰফী লাভ কৰে।
২০১৮- ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দশম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপ্লৱ কুমাৰ দেৱে।








