মাটিৰে শিৱলিংগ নিৰ্মাণ কৰি থকাৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মন্দিৰৰ দেৱাল খহি পৰাৰ ফলত প্ৰাণ হেৰুৱালে ৯ টি শিশুৱে। আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে ২টি শিশু। এতিয়াও ধ্বংসস্তুপত আৱদ্ধ হৈছে কেইবাটিও শিশু।
দেওবাৰে ৰাতিপুৱা মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ ছাহপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
প্ৰকাশিত খবৰ অনুসৰি অঞ্চলটোত শিৱলিংগ নিৰ্মাণ তথা ভাগৱত কথা চলি আছিল। শাওণৰ মাহত ইয়াত শিৱলিংগ নিৰ্মাণ কৰাৰ পৰম্পৰা চলি আহিছে। অন্য দিনৰ দৰে আজিও শিৱলিংগ নিৰ্মাণৰ বাবে ৮ৰ পৰা ১৪ বছৰৰ বয়সৰ কিশোৰ-কিশোৰীয়ে ভিৰ কৰিছিল।
সেই সময়তে প্ৰৱল বৰষুণৰ ফলত ৫০ বছৰ পুৰণি মন্দিৰৰ দেৱালখন খহি পৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এই ঘটনাক লৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে আহত শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।