ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৯৬- ইৰাণে “দ্য চেটানিক ভাৰ্চেছ”ৰ লেখক ছলমান ৰুছদিৰ বিৰুদ্ধে ফাতোৱা প্ৰত্যাহাৰ কৰে।
১৯৯৯- ইনফ’ছিছ নাছডাক আন্তঃৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হয়।
২০০১- ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কফি আন্নানৰ চাৰিখন দেশৰ এছিয়া ভ্ৰমণ পাকিস্তানত আৰম্ভ হয়। কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ সৈতে একমত আন্নান। বৌদ্ধ প্ৰতিমূৰ্তি ধ্বংস সন্দৰ্ভত আন্নানৰ অনুৰোধ নাকচ কৰে তালিবানে।
২০০৪- স্পেইনৰ তিনিটা ৰেলৱে ষ্টেচনত হোৱা বোমা বিস্ফোৰণত ১৯০ জন লোকৰ মৃত্যু হয় আৰু ১২০০ জন লোক আহত হয়।
২০০৬- গ্ৰীচৰ সংসদে সংখ্যাগৰিষ্ঠতাৰে মৃতদেহ দাহ কৰাৰ অনুমতি দিয়া আইন প্ৰণয়ন কৰে।
২০০৮- মেঘালয়ৰ অষ্টম বিধানসভাৰ ৫৭ জন সদস্যই শপত গ্ৰহণ কৰে।উত্তৰ প্ৰদেশৰ দুয়োটা সদনত কণ্ঠ ভোটৰ দ্বাৰা ব্যয় বিধেয়ক গৃহীত হয়।
পাকিস্তানৰ লাহোৰত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হৈছে ২৬ জন লোক। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশযান এণ্ডেভাৰ মহাকাশ কেন্দ্ৰৰ দিশে উৰি যায়।
২০১১- ভাৰতীয় প্ৰতিৰক্ষা বিজ্ঞানীসকলে ওড়িশাৰ উপকূলত ৩৫০ কিলোমিটাৰ দূৰত্বৰ ধনুশ আৰু পৃথ্বী ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে।








