সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
আজি দিল্লীত বিজেপিৰ নিৰ্ৰবাচনী সমিটিৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত চূড়ান্ত হ’ব দলটোৰ প্ৰাৰ্থী তালিকা। কাইলৈ ঘোষণা হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা। সংসদীয় ব’ৰ্ডৰ বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
১৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব চৈত্ৰ নৱৰাত্ৰ। ইয়াৰ বাবে পবিত্ৰ নগৰ বাৰাণসীত বিশেষ প্ৰস্তুতি চলি আছে। নৱৰাত্ৰিৰ ৯ দিনত ভক্তসকলে শ্ৰদ্ধা-ভক্তিৰে দেৱী দুৰ্গাক বিভিন্ন ৰূপক পূজা কৰে। এই কথা লক্ষ্য ৰাখি প্ৰশাসনে মহানগৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পবিত্ৰতা বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নৱৰাত্ৰিৰ সময়ত অঞ্চলটোৰ সকলো মাছ-মাংসৰ দোকান সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ আক্ৰমণ। পাকিস্তানে কাবুলত আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত নিহত হৈছে শতাধিক লোক। আক্ৰমণৰ কথা অস্বীকাৰ পাকিস্তান চৰকাৰৰ। আফগানিস্তানৰ এখন নিচামুক্তি চিকিৎসালয়ত বিমান আক্ৰমণৰ অভিযোগ পাকিস্তানৰ।
আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে বন্ধ হৈ পৰিছে হৰমুজ জলদ্বীপ। এই পথত ইৰাণে সৈন্য মোতায়েন কৰিছে। বহু দেশৰ জাহাজ হৰমুজৰ মাজেৰে পাৰ হৈ যায়। হৰমুজ বিষয়ত ট্ৰাম্পে বহু দেশৰ সমৰ্থন বিচাৰিছিল যদিও জাৰ্মানীৰ পৰা তেওঁ বিপৰ্যয় লাভ কৰিছে। জাৰ্মানীয়ে উল্লেখ কৰিছে যে এই যুদ্ধৰ নাটো দেশৰ সৈতে কোনো সম্পৰ্ক নাই।










