ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৭৩৯- নাদিৰ শ্বাহে দিল্লী চুলতানী দখল কৰে। ময়ুৰ সিংহাসনৰ পৰা মণি চুৰি কৰি দুমাহ ধৰি দিল্লী লুণ্ঠন কৰিছিল।
১৯৯০- নামিবিয়াই মাজনিশা স্বাধীনতা ঘোষণা কৰে।
১৯৯১- বেগম খালেদা জিয়া বাংলাদেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
১৯৯৯- প্ৰখ্যাত ব্ৰিটিছ বিমূৰ্ত চিত্ৰশিল্পী পেট্ৰিক হেৰনৰ মৃত্যু হয়।
২০০২- নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা ছদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়; জিম্বাবুৱেক কমনৱেলথৰ পৰা নিলম্বিত কৰা হৈছিল।
২০০৩- আমেৰিকাৰ ইৰাক আক্ৰমণ আৰম্ভ হয়।
২০০৬- আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে দাবী কৰে যে ওছামা বিন লাডেন পাকিস্তানত আছে।
২০০৯- ন্যায়াধীশ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।










