পশ্চিম বংগৰ ৰাজনীতিত ২০২৬ চনৰ নিৰ্বাচনে এক ডাঙৰ পৰিবৰ্তন আনিছে। যি সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া দুৰ্গ ছিন্ন-বিছিন্ন হৈ পৰিছে, সেই সময়তে এই বিজয়ৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে শুভেন্দু অধিকাৰীয়ে। শুভেন্দু অধিকাৰীয়ে কেৱল নিজৰ পৰম্পৰাগত আসনখন ধৰি ৰখাই নহয়, মমতা বেনাৰ্জীৰ সমষ্টি ভৱানীপুৰতো প্ৰৱেশ ১৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে।
কিন্তু এই ৰাজনৈতিক দণ্ডৰ মাজতে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আগ্ৰহী বহুজন। বৰ্তমানলৈকে লাইমলাইটৰ বাহিৰত থকা শুভেন্দু অধিকাৰীৰ জীৱনৰ পৃষ্ঠাবোৰ উলটি চাওঁ আহক-
আজি যেতিয়া শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জী বংগত তিক্ত প্ৰতিদ্বন্দ্বী।পিছে তেএঁলোকৰ মাজত এক আমোদজনক সাদৃশ্যও দেখা গৈছে। দুয়োজনে সমগ্ৰ জীৱন সমাজ আৰু ৰাজনীতিৰ বাবে উৎসৰ্গা কৰি কেতিয়াও বিবাহত বহা নাই। যেতিয়াই শুভেন্দু অধিকাৰীক তেওঁৰ অবিবাহিত অৱস্থাক লৈ প্ৰশ্ন কৰা হয়, তেতিয়াই তেওঁৰ উত্তৰবোৰ অতি গুৰুতৰ হৈ আহিছে। শুভেন্দুৰ বিশ্বাস যে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গিত। ১৯৮৭ চনত যেতিয়া তেওঁ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া ক্ৰমান্বয়ে তেওঁ ৰাজনীতিৰ প্ৰতি ইমানেই নিষ্ঠাবান হৈ পৰিছিল যে পৰিয়াল গঢ়ি তোলাৰ চিন্তাও পিছ পৰি ৰৈছিল। বংগৰ তিনিগৰাকী মহান স্বাধীনতা সংগ্ৰামী— সতীশ সমান্ত, সুশীল ধৰ আৰু অজয় মুখাৰ্জীক তেওঁ নিজৰ আদৰ্শ বুলি গণ্য কৰে। তিনিওজনে গোটেই জীৱন অবিবাহিত হৈ থাকি জাতিৰ সেৱাত নিজকে সমৰ্পিত কৰিছে। গতিকে তেৱোঁ তেওঁলোকৰ পথ অনুসৰণ কৰাৰ সংকল্প লয়।
তেওঁ ধেমালিতে কয় যে, অবিবাহিত হোৱাৰ এক ডাঙৰ “ইতিবাচক” দিশ হ’ল তেওঁৰ কাম কৰিবলৈ যথেষ্ট সময় থাকে। ২৪ ঘণ্টাই ৰাজহুৱা স্থানত থাকিবলৈ বাধা দিয়া কোনো দায়িত্ব তেওঁৰ নাই। তেওঁ সম্পূৰ্ণৰূপে পিতৃ-মাতৃৰ প্ৰতি নিষ্ঠাবান আৰু তেওঁৰ মতে নিজৰ সন্তান বা পৰিয়ালক আগুৱাই নিবলৈ ক্ষমতা ব্যৱহাৰ কৰাটো এক দোষ, যিটো তেওঁ এৰাই চলিব বিচাৰিছিল।








