আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ যুদ্ধ বৰ্তমানেও অব্যাহত আছে। দুয়োপক্ষই শান্তি আলোচনাৰ দাবী উত্থাপন কৰাৰ সময়তে দ্ৰুত আক্ৰমণো অব্যাহত ৰাখিছে। এই যুদ্ধই বিশ্বৰ বাবে শক্তি সংকটৰ সৃষ্টি কৰিছে। ইয়াক লাঘৱ কৰিবলৈ তেহৰানে ইৰাণৰ ওপৰত থকা অস্থায়ী নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত ভাৰতক খাৰুৱা তেলৰ প্ৰস্তাৱ দিছে।
এক প্ৰতিবেদন অনুসৰি, তিনিটা উদ্যোগ সূত্ৰই জনোৱা মতে, তেহৰাণৰ ব্যৱসায়ীসকলে ভাৰতীয় শোধনাগাৰক ইৰাণৰ তেল আইচিই ব্ৰেণ্টতকৈ প্ৰিমিয়ামত আগবঢ়াইছে। ভাৰত বিশ্বৰ সৰ্বাধিক তেল আমদানিকাৰক। ২০১৯ চনৰ পৰা ভাৰতে ইৰাণৰ পৰা কোনো ধৰণৰ তেলৰ চালান ক্ৰয় কৰা নাই। আমেৰিকাৰ হেঁচাতেই ভাৰতৰ বাবে ইৰাণৰ তেল ক্ৰয় বন্ধ হৈ পৰে।
আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথ হৰমুজ জলদ্বীপ বন্ধ হৈ পৰাৰ ফলত ইন্ধনৰ সংকট আৰু অধিক ভয়াৱহ হৈ পৰিছে। ভাৰতৰ দৃষ্টিকোণৰ পৰা শক্তিৰ চালানতো ইয়াৰ প্ৰভাৱ পৰিছে। সূত্ৰ অনুসৰি ভাৰতৰ শোধনাগাৰসমূহে ভাৰতৰ সমীপৱৰ্তী অঞ্চল ইৰাণৰ পৰা এল পি জি আৰু তেল ক্ৰয় কৰিবলৈ এমাহৰ সময় আছে। আমেৰিকাৰ নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত শোধনাগাৰসমূহে ইতিমধ্যে লাখ লাখ বেৰেল ৰাছিয়াৰ তেল ক্ৰয় কৰিছে। সূত্ৰসমূহে জনোৱা মতে, ইৰাণৰ তেল আইচিই ব্ৰেণ্টতকৈ প্ৰতি বেৰেলত ৬-৮ ডলাৰৰ প্ৰিমিয়ামত আগবঢ়োৱা হৈছে, চালান অহাৰ সাত দিনৰ ভিতৰত ধন পৰিশোধ কৰিব লাগিব। সূত্ৰ অনুসৰি ব্যৱসায়ী আৰু ইৰাণী নেশ্যনেল অইল কোম্পানীয়ে ডলাৰত ধন পৰিশোধৰ দাবী জনাইছে, ভাৰতীয় টকাত ধন পৰিশোধ কৰিবলৈ ইচ্ছুক একাংশ পক্ষই।
শুকুৰবাৰে ট্ৰাম্প প্ৰশাসনে সাগৰত ইৰাণৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৩০ দিনৰ নিষেধাজ্ঞা ৰেহাই জাৰি কৰে। এই ৰেহাই ২০ মাৰ্চ বা তাৰ আগতে বোজাই কৰা আৰু ১৯ এপ্ৰিলৰ ভিতৰত আনলোড কৰা যিকোনো জাহাজৰ ক্ষেত্ৰত প্ৰযোজ্য, নিষেধাজ্ঞাৰ অধীনত থকা টেংকাৰকে ধৰি।












