বাংলাদেশলৈ নাযাব! হিংসা আৰু প্ৰতিবাদত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবীৰে আৰম্ভ হোৱা প্ৰতিবাদে ধাৰণ কৰিছে তীব্ৰ ৰূপ। হাজাৰ-হাজাৰ ছাত্ৰই উত্তাল কৰি তুলিছে দেশখন।
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ নকৰা পৰ্যন্ত হিংসাত্মক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰিছে। কেৱল দেওবাৰৰ দিনটোতেই ১৪ গৰাকী আৰক্ষীসহ প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুৱাইছে প্ৰতিবাদত। আৰক্ষীয়ে আটক কৰিছে শ-শ প্ৰতিবাদকাৰীক।
চুবুৰীয়া দেশখনত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে সতৰ্কতামূলক পদক্ষেপ। দেশখনত থকা ভাৰতীয় নাগৰিকসকলক সাৱধানে থাকিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে। পৰৱৰ্তী নিৰ্দেশনা লাভ নকৰা পৰ্যন্ত দেশখনত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিদেশ মন্ত্ৰালয়ে।
ইয়াৰ লগতে বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলক সাৱধানে থকাৰ লগতে চলাচল সীমিত কৰিবলৈ আহ্বান জনাইছে। ঢাকাত থকা ভাৰতীয় লোকসকলক ভাৰতীয় উচ্চায়ুক্তৰ সৈতে সততে যোগাযোগত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
দেশখনৰ চৰম হিংসাত্মক পৰিস্থিতিত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক উদ্দেশ্যি এই পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ লগতে বিদেশ মন্ত্ৰালয়ে মুকলি কৰিছে তিনিটাকৈ নম্বৰ। বিপদত বা জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক 8801958383679, 8801958383680, 8801937400591 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে।
বাংলাদেশৰ শিক্ষাৰ্থীসকলে যোৱা মাহত বিতৰ্কিত চাকৰি কোটা আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। এই প্ৰতিবাদ এতিয়া চৰকাৰ বিৰোধী আন্দোলনলৈ ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্টৰূপত উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে।
দেশখনত উদ্ভৱ হোৱা এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬,৭০০ ভাৰতীয় শিক্ষাৰ্থী বাংলাদেশৰ পৰা উভতি আহিছে।