বাংলাদেশৰ ইতিহাসৰ বাবে আজিৰ দিনটো ক’লা দিন। চাকৰিৰ সংৰক্ষণ বিৰুদ্ধে দেশজুৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ পিছতেই পদত্যাগ কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। ইতিমধ্যে, প্ৰতিবাদকাৰীৰ ৰোষত পৰাৰ ভয়ত দেশ এৰি পলায়ন কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।
সূত্ৰ অনুসৰি, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাজধানী ঢাকা ত্যাগ কৰিছে। ঢাকাত হিংসাত্মক সংঘৰ্ষৰ মাজত প্ৰধানমন্ত্ৰী হাছিনাকে ধৰি তেওঁৰ কিছু আত্মীয়ক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।
শ্বেখ হাছিনাৰ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি, ‘শ্বেখ হাছিনাই তেওঁৰ ভগ্নীৰ সৈতে গণ ভৱন (প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ)ৰ পৰা সুৰক্ষিত স্থানৰ বাবে পলায়ন কৰিছে’।
উল্লেখ্য যে, বাংলাদেশত চলি থকা প্ৰতিবাদ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী হাছিনাই দেশবাসীক সম্বোধন কৰাৰ কথা আছিল। কিন্তু হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ভৱনৰ দিশে অগ্ৰসৰ হোৱাত হাছিনাই নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰে। হাছিনাই দেশ ত্যাগ কৰাৰ পিছতেই প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী ভৱন দখল কৰে।
ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশ এৰি পলায়ন কৰাৰ খবৰ লাভ কৰাৰ পিছতেই প্ৰতিবাদকাৰীসকলে ৰাজপথত হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয়।
আনহাতে, প্ৰধানমন্ত্ৰী হাছিনাই দেশ এৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰাত বাংলাদেশত সেনাৰ শাসন চলাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছু সময়ৰ পিছতেই দেশৰ সেনা বাহিনীৰ মুৰব্বীয়ে সংবাদমেল সম্বোধন কৰি এই বিষয়ে বিস্তৃত ৰূপত ব্যাখ্যা আগবঢ়াব।