No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
আজি গোসাঁই বিহু। গোসাঁই বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ সত্ৰ,নামঘৰ,মন্দিৰ সকলো নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে। বৰপেটা, বটদ্ৰৱা, আঠখেলিয়া, ঢেকীয়াখোৱা,মধুপুৰ আৰু মাজুলীৰ সত্ৰ সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা নামঘৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে নাম-কীৰ্তন অনুষ্ঠিত হয়। গোসাঁই বিহু দিনাও ডেকা-গাভৰুৱে গৃহস্থৰ ঘৰে-ঘৰে হুঁচৰি আৰু বিহু গাই গৃহস্থক আশীৰ্বাদ দিয়ে ৷ ভক্তসকলে বৈষ্ণৱ আদৰ্শৰ নীতিমতে নামঘৰত নৈবদ্য উছৰ্গা কৰি শৰাই আগবঢ়াই নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ মঙ্গল কামনাৰ্থে নাম প্ৰসঙ্গ কৰে।
জুবিনবিহীন ৰঙালী বিহুত নাই পূৰ্বৰ দৰে উছাহ। বৰ্ষাসিক্ত ৰঙালী আজি ৰংহীন, উদ্যমহীন। প্ৰাণৰ শিল্পীৰ অনুপস্থিতিত উকা ৰঙালীৰ মঞ্চ।লতাশিল বিহু মঞ্চত উপস্থিত হৈ আৱেগিক হৈ পৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সকলোৰে মাজত আত্মা হৈ জীয়াই আছে জুবিন বুলি কয় তেওঁ উচুপি উঠে। তেওঁ কয় যে, ৰাইজে ন্যায় দিব জুবিন গাৰ্গক।বিহু মঞ্চত জয় জুবিনদা ধ্বনি দিলে শ শ লোকে।
বিহুৰ আনন্দৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি। প্ৰতিঘন্টাত ৭০কিঃমি বেগত আহিব পাৰে ধুমুহা। ৰাজ্যজুৰি তীব্ৰ শিলাবৃষ্টি আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে। লগতে কেইবাখনো জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট। অহা ১৯ এপ্ৰিললৈ ৰাজ্যত বৰষুণ হৈ থকাৰ সম্ভাৱনা।
দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চে বৃহৎ অভিযান চলাই বাংলাদেশী ডকাইতৰ এক দলক আটক কৰে। আৰক্ষীৰ দলটোৱে ছয়জনকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দুজনে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, এই দলটোৱে বিগত কেইবাবছৰ ধৰি দেশৰ বিভিন্ন ৰাজ্যত ডকাইতি, ডকাইতি, হত্যা আদি অপৰাধ সংঘটিত কৰি আহিছে। দিল্লী, উত্তৰ প্ৰদেশ, গোৱা, কৰ্ণাটক, কেৰালাৰ দৰে ৰাজ্যত তেওঁলোকৰ বিৰুদ্ধে অসংখ্য গোচৰ ৰুজু হৈছে। তাৎপৰ্যপূৰ্ণভাৱে আটাইকেইজন অভিযুক্ত বাংলাদেশী নাগৰিক আৰু অপৰাধ সংঘটিত কৰিবলৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।
মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে প্ৰায়ভাগ দেশতে তেল সংকট গভীৰ হৈ অহাত আমেৰিকাই ইৰাণ আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ ৰেহাই দিছিল, সেইবোৰৰ ম্যাদ এতিয়া শেষ হৈ গৈছে। এই ৰেহাই বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিছে আমেৰিকাই। ১৫ এপ্ৰিলত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে ঘোষণা কৰে যে, ৰাছিয়া আৰু ইৰাণৰ পৰা দেশসমূহে শক্তি ক্ৰয় কৰিব পৰা নিষেধাজ্ঞাৰ পৰা ৰেহাইৰ সময়সীমা বৃদ্ধি নকৰে।
No Result
View All Result