প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমতো ব’হাগ। হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাষত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ।ব’হাগৰ প্ৰথম দিনাই প্ৰিয় গ’ল্ডীক এবাৰ লগ কৰিবলৈ সোণাপুৰলৈ গৈছে গৰিমা।
বিহুৰ দিনাই কান্দি কান্দি চকুলোৰে বাট নেদেখা হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমাই। প্ৰিয় পুৰুষজনৰ চিতাৰ কাষত তেওঁকেই যেন বিচাৰি ফুৰিছে গৰিমাৰ দুচকুৱে। জুবিনক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছে গৰিমা গাৰ্গে।
গৰিমাৰ লগতে বিহুৰ দিনাই সোণাপুৰলৈ গৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। ভাতৃ জুবিন গাৰ্গক মনত পেলাই আৱেগিক হৈ পৰিছে ভগ্নী পামী বৰঠাকুৰ। বিহুৰ দিনটোতেই দোষীয়ে যাতে উচিত শাস্তি পায় তাৰেই কামনা কৰিলে পামী বৰঠাকুৰে। তেওঁ কয়, ‘বিহুৰ অনুষ্ঠানক লৈ উদুলি-মুদুলি হৈ থকা ঘৰখনত আজি নিস্তব্ধতা। দাদা নোহোৱাৰ বাবে যিসকলে বিহু আয়োজন কৰা নাই তেওঁলোকলৈ শ্ৰদ্ধা জনাইছো। যিসকলে আয়োজন কৰিছে তেওঁলোককো আদৰণি। নতুন প্ৰজন্মৰ বাবে ব’হাগৰ উৎসৱটি আমি উদযাপন কৰি থাকিব লাগিব।’
গ’ল্ডী দাক বিচাৰি বিহুৰ দিনাই সোণাপুৰত উপস্থিত কণ্ঠশিল্পী জুবলী। সোণাপুৰত জুবিন দাক সুঁৱৰি উচুপি উচুপি কান্দে জুবলীয়ে। লগতে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, জুবিনৰ বন্ধু বাদ্যযন্ত্ৰী ৰাজা বৰুৱায়ো জুবিনলৈ জনালে শ্ৰদ্ধাঞ্জলি।











