সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
নিশা গোৱালপাৰাৰ দোমনীত দুৰ্ঘটনা। ৪৬নং ৰাজ্যিক ঘাইপথৰ পৰা দ খাৱৈত পৰিল বলেৰ’ বাহন। কথমপি প্ৰাণৰক্ষা পৰে যাত্ৰীসহ চালকগৰাকীৰ। আঘাতপ্ৰাপ্ত আটাইকে স্থানীয় লোকৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন।
শিক্ষক-শিক্ষয়িত্ৰীসকললৈ কঠোৰ নিৰ্দেশনা। সকলো শিক্ষকে পুৱা ৯ বাজি ১০ মিনিটৰ পূৰ্বে শিক্ষা সেতুত উপস্থিতি দিয়াটো বাধ্যতামূলক।এই নিয়ম নামানিলে বিপদত পৰিব শিক্ষকসকল। ধুবুৰী জিলাৰ সকলো বিদ্যালয়লৈ জিলা শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা। মেট্ৰিকৰ ফলাফল আশানুৰূপ নোহোৱাৰ বাবেই এই পদক্ষেপ শিক্ষা বিভাগৰ।
২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে উত্তাল পশ্চিমবংগ। পশ্চিমবংগত বিজেপি আৰু টিএমচিৰ মাজত ভয়ংকৰ সংঘাত।বিজেপি বিধায়কৰ ঘৰলৈ বোমা নিক্ষেপ কৰিলে একাংশই। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে দলীয় পতাকা লগোৱাক লৈ সংঘাতৰ সৃষ্টি।বিজেপি বিধায়ক পৱন সিঙৰ ঘৰত বোমা দলিয়ালে একাংশ লোকে। বোমা বিস্ফোৰণত ৩জনকৈ লোক আহত।
নিত্য বৃদ্ধি পোৱা উত্তাপৰ মাজতে অধিক ভয়াৱহ হৈ পৰিছে উত্তৰাখণ্ডৰ বিদ্যুৎ সংকট। উষ্ণতা বৃদ্ধিৰ লগে লগে বিদ্যুতৰ চাহিদাই অভিলেখ সৃষ্টি কৰিছে, আনহাতে উৎপাদন আৰু যোগানৰ নাটনিয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। এই পৰিস্থিতিৰ সমাধানৰ বাবে উত্তৰাখণ্ড পাৱাৰ কৰ্পৰেশ্যন লিমিটেডে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত ১৫০ মেগাৱাট বিদ্যুতৰ অনুৰোধ জনাইছে।
আমেৰিকা আৰু জাপানৰ বতৰ সংস্থাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুৱা (২৭ এপ্ৰিল) জাপানৰ উত্তৰ দ্বীপ হোকাইডোত এক প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।স্থানীয় সময় অনুসৰি পুৱা ৫:২৩ বজাত সংঘটিত হয় এই ভূমিকম্প। ইয়াৰ কেন্দ্ৰবিন্দু হোকাইডোৰ দক্ষিণ অঞ্চলত ৮৩ কিলোমিটাৰ গভীৰতাত আছিল। বতৰ সংস্থাটোৱে জনোৱা মতে, অনাগত সপ্তাহত একেধৰণৰ প্ৰাবল্যৰ আৰু অধিক ভূমিকম্পৰ আশংকা আছে।









