বংগৰ ৰাজনীতিত আজি ঘটিছে এক বৃহৎ পৰিৱৰ্তন। পশ্চিম বংগৰ আজি নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ লয় শুভেন্দু অধিকাৰীয়ে। কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লয়। ইয়াৰ লগে লগে বংগৰ বাঘজৰী এতিয়া বিজেপিৰ হাতলৈ আহে।
বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁক শপত গ্ৰহণ কৰায় বংগৰ ৰাজ্যপালে। ভৱানীপুৰ সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল শুভেন্দু অধিকাৰীয়ে। প্ৰট’কল অনুসৰি মমতা বেনাৰ্জীকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল।
কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট নেতা উপস্থিত থাকে।
সুবেন্দু অধিকাৰীৰ লগতে দিলীপ ঘোষ, অগ্নিমিত্ৰ পল, নিসিথ প্ৰমানিক, আৰু শংকৰ ঘোষেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰাৰ লগে লগে শুভেন্দু অধিকাৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ লয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সাৱটি ধৰে।
একনাথ শিণ্ডে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ, আৰু সুনেত্ৰ পাৱাৰেও শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। স্মৃতি ইৰাণী, শিৱৰাজ সিং চৌহান, চিৰাগ পাছৱান, মিথুন চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক মঞ্চত দেখা যায়।









