No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ১২ মে’ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত হ’ব বিজেপি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা চলাইছে বিজেপিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰৰ বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা।
- আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে ঘোষণা হ’ব বিধায়িনী দলৰ নেতাৰ নাম।পৰ্যৱেক্ষক জে পি নাড্ডা, সহঃপৰ্যৱেক্ষক নায়ব সিং ছৈনিৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বৈঠক। চৰকাৰ গঠনৰ বাবে কুচকাৱাজ আৰম্ভ বিজেপিৰ। ১২ মে’ত আছে নতুন চৰকাৰৰ শপতগ্ৰহণ।
- আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব থালাপতি বিজয়ে। কংগ্ৰেছসহ ৪টাকৈ দলে সমৰ্থন দিছিল বিজয়ক। পুৱা ১০ বজাত চেন্নাইৰ নেহৰু ষ্টেডিয়ামত থালাপতি বিজয়ৰ শপতগ্ৰহণ অনুষ্ঠান। থালাপতি বিজয়ৰ সৈতে শপত ল’ব ৯ গৰাকী মন্ত্ৰীয়ে।
- পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে কেৱল তৃণমূল কংগ্ৰেছকে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশকো স্তম্ভিত আৰু অশান্তি দিছে। বাংলাদেশৰ শাসকীয় দলৰ কেইবাজনো নেতাই টিএমচিৰ পৰাজয়ক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে ভাৰতৰ সৈতে তীস্তা নদীৰ পানী চুক্তিক লৈও তেওঁলোক আশাবাদী, কিয়নো মমতা বেনাৰ্জীয়ে বাৰে বাৰে এই চুক্তিৰ বিৰোধিতা কৰি আহিছে। এই কাৰণেই আজিলৈকে দুয়োখন দেশৰ মাজত এই চুক্তি হোৱা নাই।
- হৰমুজ জলদ্বীপত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়া ঘটনাত ইৰাণে আমেৰিকাৰ ধ্বংসকাৰী বিমানক আক্ৰমণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই এই কথা নিশ্চিত কৰিছে। লগতে ইৰাণক শীঘ্ৰে চুক্তিত স্বাক্ষৰ কৰিবলৈও সকীয়াই দিয়ে।
No Result
View All Result