প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদত এক সমাৱেশত ভাষণ দি ক’ভিড-১৯ মহামাৰীৰ সময়ত গ্ৰহণ কৰা নিয়মাৱলী বজাই ৰাখিবলৈ দেশবাসীক আহ্বান জনায়। এই সময়ছোৱাত তেওঁ মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ ইউক্ৰেইন যুদ্ধৰ কথাও উল্লেখ কৰি এই যুদ্ধসমূহে ভাৰতৰ ওপৰত কি উল্লেখযোগ্য প্ৰভাৱ পেলাইছে তাৰ ওপৰত আলোকপাত কৰে। তদুপৰি আগন্তুক এবছৰৰ বাবে বিয়াৰ বাবে সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাইজক আহ্বান জনায় যে এবছৰৰ বাবে সোণ ক্ৰয় কৰাৰ পৰা বিৰত থকাটো দৰকাৰ। ক’ভিড-১৯ মহামাৰীৰ সময়ত ৱৰ্ক ফ্ৰম হোম, অনলাইন মিটিং, ভিডিঅ’ কনফাৰেন্সিঙৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।
তদুপৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, বিগত দুমাহ ধৰি চলি থকা মধ্যপ্ৰাচ্যৰ যুদ্ধই ভাৰত আৰু বিশ্বত যথেষ্ট প্ৰভাৱ পেলাইছে। তেওঁ এই সময়ত বৈদেশিক মুদ্ৰা সংৰক্ষণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁ উল্লেখ কৰে যে পেট্ৰ’ল আৰু ডিজেল বিশ্বজুৰি অধিক ব্যয়বহুল হৈ পৰিছে। ইন্ধন সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বৰ্তমান বিশ্বই যোগান শৃংখলৰ এক বৃহৎ সংকটৰ সৈতে যুঁজি আছে। ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বজুৰি অসুবিধা আৰু অধিক ভয়াৱহ কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত পাঁচ-ছয় বছৰ ধৰি মোদী চৰকাৰে এই সংকট দূৰ কৰিবলৈ চেষ্টা কৰি আহিছে।










