বংগত ক্ষমতা সলনি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সুবেন্দু অধিকাৰীয়ে ঘোষণা কৰে যে ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে বি এছ এফক মাটি গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। আগন্তুক ৪৫ দিনৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ প্ৰতি এতিয়া বাংলাদেশ চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে, নৱনিৰ্বাচিত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি দেশত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে।
বংগ চৰকাৰে কাঁইটীয়া তাঁৰক ভয় নকৰে বুলি উল্লেখ কৰিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে উল্লেখ কৰিছে যে, সীমান্ত বেৰ দিবলৈ বাংলাদেশৰ জনসাধাৰণ আৰু চৰকাৰে ভয় নকৰে আৰু বাংলাদেশে জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে সদায় মাত মাতি যাব।
মঙলবাৰে বংগৰ বিষয়াসকলে কয় যে, কেবিনেট বৈঠকত মাটি বিএছএফক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই কাৰ্য। ইয়াৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশৰ সমস্যা নাইকিয়া হ’ব।
অবৈধ বাংলাদেশীৰ বিষয়টোয়ে বংগ বিধানসভা নিৰ্বাচনত এক ডাঙৰ ৰাজনৈতিক বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিজেপিয়ে ধাৰাবাহিকভাৱে পূৰ্বৰ টিএমচি চৰকাৰক অনুপ্ৰৱেশ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি আহিছে। ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত প্ৰতিশ্ৰুতি দিছিল যে বংগত বিজেপি ক্ষমতালৈ অহাৰ লগে লগে বিজেপিয়ে ৪৫ দিনৰ ভিতৰত ফেন্সিঙৰ বাবে প্ৰয়োজনীয় মাটি বিএছএফক গতাই দিব।
পশ্চিম বংগৰ বাংলাদেশৰ সৈতে ৪০৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে। আজিলৈকে ৩২৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বৰ্তমান ৮৫০ কিলোমিটাৰ এলেকা মুকলি হৈ আছে। কোৱা হয় যে ১৭৫ কিলোমিটাৰ বেৰ দিয়াটো কঠিন হৈয়েই আছে।









