No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- গ্ৰাহক সকলৰ বাবে পুৱাই আহিল বেয়া খবৰ। বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বাঢ়িল ৩.১৪ টকা আৰু ৩.১১ টকাকৈ বাঢ়িল প্ৰতি লিটাৰ ডিজেলৰ দাম। যাৰ বাবে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১০১.২৬ টকা। আজি পুৱাৰে পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ। ইৰাণ আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ বাবে বিশ্বজুৰি ইন্ধনৰ সংকট।
- জে’ল নে জামিন আজি ভাগ্য নিৰ্ণয় হ’ব শ্যামকানু মহন্তৰ। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদনক লৈ দিব ৰায়। শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ’ব এই শুনানি। ৩০ এপ্ৰিলত ফাষ্টট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানুৰ জামিন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে নাকচ কৰিছিল শ্যামকানুৰ জামিন আবেদন। বিশেষ ফাষ্টট্ৰেক আদালতৰ ৰায়ৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ হৈছে শ্যামকানু।
- বদৰপুৰ চহৰত সাগৰসদৃশ পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ পাছতে ৰাজপথেৰে বাগৰিছে হোৰাহোৰে পানী। বানত গৃহবন্দী চহৰৰ হাজাৰ হাজাৰ লোক। বদৰপুৰ ৰে’লৱে ষ্টেচনৰ শোচনীয় অৱস্থা। ৰে’লৱে ষ্টেচনৰ টিনপাতৰ মাজেৰে হোৰাহোৰে বাগৰিছে পানী। ক্ষতিগ্ৰস্ত ষ্টেচনৰ বহু দোকান-পোহাৰ।
- আজিৰে পৰা আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ কাৰ্যসূচী। ৬দিনীয়া কাৰ্যসূচীৰে ৫ খন বিদেশ ৰাষ্ট্ৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, নেডাৰলেণ্ড, ছুইডেন, নৰ’ৱে আৰু ইটালীলৈ ৰাওনা হ’ব মোদী। ৫ খন দেশৰ এই ভ্ৰমণৰ প্ৰথম পৰ্য্যায়ত আজি সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত উপস্থিত হৈ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়দ অল নাহয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়ত মত বিনিময় কৰিব।
No Result
View All Result